বিশ্বনাথ, 28 আগষ্টঃ "মই দম দিয়া মানুহ হয়, যদি মোৰ দমত সকলো চলে তেনেহ'লে বিশ্বনাথত বন্ধ হৈ থকা ছবি গৃহটো খোলাই দিম ।" বুধবাৰে বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হৈ এনেদৰে মন্তব্য কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে । মুক্তিৰ বাবে অপেক্ষাৰত 'কাঞ্চনজংঘা'ৰ প্ৰচাৰতৰ বাবে উপস্থিত হয় মহাবিদ্যালয়খনত ৷ অসংখ্য ছাত্ৰ-ছাত্ৰী লগতে হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত 'কাঞ্চনজংঘা'ৰ প্ৰচাৰ চলায় জুবিনে ৷ ৬ ছেপ্টেম্বৰত মুক্তি পাব লগা ছবিখন চাবলৈ অনুৰোধ জনাই শিল্পীগৰাকীয়ে ৷
উল্লেখ্য যে, বিশ্বনাথত থকা একমাত্ৰ গল্ড ছবি গৃহটো বৰ্তমান বন্ধ হৈ থকা বিষয় সন্দৰ্ভত কয়, মোৰ দমত যদি ছবি গৃহটো খোলে তেন্তে খুলিব ৷ শীঘ্ৰে ছবি গৃহটো খোলাৰ ব্যৱস্থা কৰি আছো বুলি প্ৰকাশ কৰে জুবিনে । লগতে সময়ত ছবি গৃহটো খোলাব নোৱাৰিলে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি হ'লেও 'কাঞ্চনজংঘা' বিশ্বনাথ মহাবিদ্যালয়ত প্ৰদৰ্শনী কৰিব জুবিন গাৰ্গে ।
আনহাতে, জামুগুৰিহাটৰ কুসুমটোলাস্থিত একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়তো 'কাঞ্চনজংঘা' প্ৰচাৰৰ বাবে উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী ৷ মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হোৱাৰ পাচতেই উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় মহাবিদ্যালয় চৌহদত ৷ অৱশ্যে দিনৰ 1 বজাতেই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰায় প্ৰায় তিনিঘন্টাৰো অধিক পলমকৈ জুবিন গাৰ্গ মহাবিদ্যালয়খনত উপস্থিত হয় যদিও ছাত্ৰ-ছাত্ৰীৰ মাজত উৎসাহ উদ্দীপনা ম্লান পৰা পৰিলক্ষিত ন'হল ৷