ETV Bharat / state

Journalist killed in road accident : বন বিভাগৰ নিৰ্লিপ্ততা ! অকালতে প্ৰাণ হেৰুৱালে ভিডিঅ’ জাৰ্নেলিষ্টে

author img

By

Published : Jun 18, 2023, 2:10 PM IST

দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি ঘৰলৈ অহা সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু বিশ্বনাথৰ এগৰাকী ভিডিঅ’ জাৰ্নেলিষ্টৰ ৷

Journalist killed in road accident
অকালতে প্ৰাণ হেৰুৱালে ভিডিঅ’ জাৰ্নেলিষ্ট নিৰ্বান নয়ন হাজৰিকাই

বিশ্বনাথ, 18 জুন: শোকত ম্ৰিয়মাণ বিশ্বনাথবাসী ৷ দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি ঘৰলৈ উভতি অহাৰ সময়তে অকাল মৃত্যুক সাৱটিলে এগৰাকী যুৱ সংবাদ কৰ্মীয়ে ৷ যুৱকজন বিশ্বনাথৰ যুৱক তথা ভিডিঅ’ জাৰ্নেলিষ্ট নিৰ্বান নয়ন হাজৰিকা বুলি জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, শনিবাৰৰ নিশা সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো । বিশ্বনাথৰ যুৱক তথা এটা চেটেলাইট চেনেলৰ ভিডিঅ’ জাৰ্নেলিষ্ট নিৰ্বান নয়ন হাজৰিকাই শনিবাৰৰ নিশা দুৰ্ঘটনাৰ এটা বাতৰি সংগ্ৰহ কৰি নিজ গৃহ অভিমুখে গৈ থকা সময়তে জিলাখনৰ বন বিভাগৰ কাৰ্যালয় আৰু লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় সমীপৰ বি জি ৰোডৰ ৰাজপথত পৰি থকা এজোপা প্ৰকাণ্ড গছত নিশাৰ আন্ধাৰত খুন্দা মাৰে ।

দুৰ্ভাগ্যজনক বিষয় যে, জিলাখনৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপত সন্ধিয়াৰে পৰা প্ৰকাণ্ড গছডাল বহু সময় ধৰি ৰাজপথত পৰি থাকিল যদিও বন বিভাগ অথবা প্ৰশাসনে গছজোপা ৰাজপথৰ পৰা আঁতৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকে । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে ফটো সাংবাদিকগৰাকীক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ লৈ গৈ থকা সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হয় ভিডিঅ’ জাৰ্নেলিষ্ট নিৰ্বান নয়ন হাজৰিকাই ।

বিভাগীয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ ফলতে এইদৰে এজন তেজাল যুৱকে অকালতে মৃত্যুক সাৱটিবলগীয়া হোৱা বিষয়টো সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকে । ভিডিঅ’ জাৰ্নেলিষ্ট নিৰ্বান নয়ন হাজৰিকাৰ অকাল মৃত্যুত বিশ্বনাথত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে । চেটেলাইট চেনেলৰ ভিডিঅ’ জাৰ্নেলিষ্টগৰাকীৰ মৃত্যুত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱ, বিহালী প্ৰেছ ক্লাৱ, আৰু আপকুৱে গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Fake Currency seized : যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ নকল নোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.