ETV Bharat / state

বিশ্বনাথত বিশ্ব ধাত্ৰী দিৱস উদযাপন

author img

By

Published : May 12, 2021, 9:46 PM IST

১২ মে' অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস । সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত উদযাপন কৰা হ’ল এই বিশেষ দিনটো ৷

International_Nurses_Day
বিশ্বনাথত বিশ্বধাত্ৰী দিৱস উদযাপন

বিশ্বনাথ,১২ মে’: আজি ১২ মে' অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস । আধুনিক নাৰ্চিং ব্যৱস্থাৰ বাটকটীয়া ফ্ল’ৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয় । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল’ৰেঞ্চ নাইটিংগেলে যুদ্ধক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল । নাইটিংগেলৰ এই মানৱ সেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱস ।

International_Nurses_Day
ধাত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন চিকিৎসালয় কৰ্তৃপক্ষৰ

ক’ভিড ১৯ মহামাৰীৰ মাজতে দেশৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথৰ বিভিন্ন চিকিৎসালয়ত নাইটিংগেলৰ জন্মদিনটো বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয় ৷ এই উপলক্ষে গহপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসালয়খনৰ ডিপিএম হৰেণ গগৈয়ে কৰ্মৰত নাৰ্চসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ।

international-nurses-day
বিশ্ব ধাত্ৰী দিৱস উদযাপন

ইয়াৰ লগতে বিহালী প্ৰাথমিক চিকিৎসালয়, বৰগাং আদৰ্শ চিকিৎসালয়, গহপুৰ ব্ৰহ্মজান চাহ বাগিচাৰ চিকিৎসালয়ৰ নাৰ্চসকলক চিকিৎসকসকলে একোটাকৈ ফুলৰ থোপাৰে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক: এখন বাঁহনিত বাহৰ পাতিছে জাক জাক বগলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.