বিশ্বনাথ/নাহৰকটীয়া : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বনাথ জিলাত মহকুমা প্ৰশাসনে গ্ৰহণ কৰে ড্ৰাগছ দাহন কাৰ্যসূচী ৷ এই কাৰ্যসূচীত 1 কোটিৰো অধিক জব্দকৃত ড্ৰাগছ নষ্ট কৰে বিশ্বনাথ জিলা মহকুমা প্ৰশাসনে । সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ আৰক্ষীয়ে বিগত সময়চোৱাত জব্দ কৰা এক কোটিৰো অধিক ড্ৰাগছ জুই জ্বলাই নষ্ট কৰে ৷
এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিৱানী , জিলা আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাৰ লগতে কেইবাজনো আৰক্ষী বিষয়া ।
আনহাতে, আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ মুঠ 21 টা গোচৰৰ বিপৰীতে আৰক্ষী থানাই থানাই মজুত কৰি ৰখা ড্ৰাগছ নষ্ট কৰা হয় ৷ প্ৰায় 10 লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছৰ উপৰি জব্দকৃত বহু নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হয় এই কাৰ্যসূচীত ।
দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়ত থকা নিষ্কাষণ চিমনীত ধ্বংস কৰা এই ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত অসীম বৰগোহাঞি, ডিব্ৰুগড় জিলাৰ ড্ৰাগছ পৰিদৰ্শক নয়নমণি বৰুৱা, আবকাৰী বিভাগৰ পৰিদৰ্শক ( টিংখাং) ৰিখব বৰগোহাঞি, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, দুলীয়াজান আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক ভাস্কৰ শইকীয়াৰ উপৰি বহু কেইজন উচ্চ পদস্থ আৰক্ষী বিষয়া ।
নাহৰকটীয়াত আয়োজিত এই ড্ৰাগছ দাহন কাৰ্যসূচীত মুঠ 52,300 গ্ৰাম গাঞ্জা ,7902 গ্ৰাম হেৰ’ইন দাহ কৰা হয় । উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোমবাৰে নষ্ট কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য ৷
লগতে পঢ়ক : Assam flood: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; প্ৰথমটো বানত মৃত্যু 5 জনৰ