বিশ্বনাথ, 28 ডিচেম্বৰ : আপোনাৰ বিপদৰ সময়ত সহায়ৰ বাবে সদা প্ৰস্তুত অসম আৰক্ষী । বিপদত পৰা যিকোনো লোকৰ সহায়ৰ বাবে তৎপৰ হৈ থাকে অসম আৰক্ষী । কিন্তু থানা এখনলৈ গ’লে আৰক্ষীৰ প্ৰতি ভাল ভাৱ নে বেয়া ভাৱ সৃষ্টি হয় আপোনাৰ ? প্ৰায়ে শুনা যায়, পুলিচৰ ওচৰলৈ যাবই নোৱাৰি ।
এনে বিভিন্ন সুনাম অথবা অভিযোগৰ পাছতো দেখিবলৈ পোৱা যায় অধিক সংখ্যক আৰক্ষীৰ কৰ্তব্য পৰায়ণৰ এক সুন্দৰ চানেকি ৷ ব্যত্যিক্ৰম নহয় আৰক্ষী অধীক্ষক লীনা দলেও ৷
বৰ্তমান বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক হিচাবে কৰ্তব্যৰত লীনা দলেৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা সঁচাকৈয়ে প্ৰসংশনীয় ৷ শেহতীয়াকৈ জিলাখনৰ পৰা দূৰ্নীতিকে ধৰি অপৰাধ নিৰ্মূলৰ বাবে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত অলপো আপোচ নকৰাকৈ সদায়েই এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে আৰক্ষী অধীক্ষক লীনা দলেয়ে ৷ সেয়া লাগিলে ড্ৰাগছৰ বেহা উৎখাত কৰাই হওঁক, নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ বিভিন্ন ঘটনাই হওঁক, এই সকলোৰে বিৰুদ্ধে অধিক সষ্টম হৈ কঠোৰ ভূমিকা পালন কৰি আহিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
![বিশ্বনাথ আৰক্ষী অধীক্ষক লীণা দলেক বঁটা প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bishwanath-802-27-d-photo-superintendentofpoliceleenadalconferredinter-nationalanti-corruptionaward-as10018_27122021190133_2712f_1640611893_852.jpg)
শীৰ্ষ আৰক্ষী বিষয়া গৰাকীৰ এই দায়বদ্ধতাক সন্মান জনাই দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এইবৰ্ষৰ বাবে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটাৰ বাবে কৰিছিল নিৰ্বাচন (International Anti Corruption Excellence Awards to Leena Doley) ৷ অৱশ্যে চলিত বৰ্ষৰ ৯ ডিচেম্বৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত উপস্থিত থাকিব নোৱাৰিলে জিলা আৰক্ষী অধীক্ষক গৰাকী ৷ সেয়েহে সোমবাৰে বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে আৰক্ষী অধীক্ষক গৰাকীক অনুষ্ঠানটোৰ বিষয়ববীয়াসকলে প্ৰদান কৰিলে এই বঁটা ৷
উল্লেখ্য যে, ৯ ডিচেম্বৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ অনুষ্ঠানত দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত যুঁজ দিয়া কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে জনোৱা হৈছিল সম্বৰ্ধনা ৷
লগতে পঢ়ক : Drug peddler arrested in Biswanath : বিশ্বনাথত ড্ৰাগছসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ