বিশ্বনাথ, 15 আগষ্টঃ বিশ্বনাথত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস ৷ শনিবাৰে পুৱা ৯ বজাত বিশ্বনাথ চাৰিআলি কাছাৰী ময়দানত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷ উক্ত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ ওপৰত বক্তৃতা আগবঢ়ায় উপায়ুক্তগৰাকীয়ে ৷
![Independence day celebration across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8428296_biswanath.jpg)
যোৰহাটঃ যোৰহাটতো স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ যোৰহাট প্ৰশাসনৰ উদ্যোগত চহৰখনৰ কাছাৰী ময়দানত অনুষ্ঠিত কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷
ধুবুৰীঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীতো ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পাতাকা উত্তোলন কৰে উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ৷ ইয়াৰ পিছতেই অসম আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্তগৰাকীয়ে ৷
দৰঙতঃ দৰঙত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে পঞ্চালয় আৰু গ্ৰামোন্নয়ন আৰু সাংস্কৃতিক মন্ত্ৰী নব দলে ৷ কৰ’ণা মহামাৰীৰ বাবে অতি কম লোকৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷
লগতে পঢ়ক-ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস