ETV Bharat / state

গহপুৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক - ৰাজগড় গেট

সান্ধ্য আইনৰ মাজতে অৰুণাচল প্ৰদেশৰ নাহৰ লগুণৰ পৰা ডিৰাং ভেলী আৰু ভালুকপুঙলৈ প্ৰায় ২৪০০ কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা কঢ়িয়াই অনা অৱস্থাতে জব্দ কৰা হয় ট্ৰাক । অসম অৰুণাচল সীমান্তৰ ৰাজগড় গেটত বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰে সুৰাভৰ্তি ট্ৰাককেইখন ।

illegal liquor seized at Gahpur
গহপুৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক
author img

By

Published : May 15, 2020, 8:12 PM IST

বিশ্বনাথ,15 মেঃ গহপুৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক । অত্যাৱশ্যকীয় সেৱা বুলি লিখা থকা ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় সুৰাখিনি । উল্লেখ্য যে, সান্ধ্য আইনৰ মাজতে অৰুণাচল প্ৰদেশৰ নাহৰ লগুণৰ পৰা ডিৰাং ভেলী আৰু ভালুকপুঙলৈ প্ৰায় ২৪০০ কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা কঢ়িয়াই অনা অৱস্থাতে জব্দ কৰা হয় ট্ৰাককেইখন । অসম-অৰুণাচল সীমান্তৰ ৰাজগড় গেটত বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰে সুৰাভৰ্তি ট্ৰাককেইখন । জব্দ কৰা সুৰাসমূহৰ মূল্য কেইবালাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ট্ৰাককেইখন সম্প্ৰতি গহপুৰ আৰক্ষী থানাত ৰখা হৈছে ।

গহপুৰত অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক

উল্লেখ্য যে, জব্দ কৰা ট্ৰাককেইখনৰ এখনক অত্যাৱশ্যকীয় সেৱাৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে । কিন্তু ৰহস্যজনকভাৱে ট্ৰাকখনে সুৰা কঢ়িওৱা কাৰ্যই সচেতন মহলৰ মাজত প্ৰশ্নৰ উত্থাপন কৰিছে । আনহাতে, আবকাৰী বিভাগৰ জ্ঞাতেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে অবৈধ সুৰা সৰবৰাহৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক-তেজপুৰৰ হলেশ্বৰ পঞ্চায়তত চৰকাৰী আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.