ETV Bharat / state

বিহালীত মাইক্ৰ’ ফাইনেন্সৰ কিস্তি আদায় দিয়াক কেন্দ্ৰ কৰি পত্নীক হত্যা স্বামীৰ

author img

By

Published : Mar 10, 2020, 1:20 AM IST

Updated : Mar 10, 2020, 7:48 AM IST

মাইক্ৰ’ ফাইনেন্সৰ কিস্তি আদায় দিয়াক কেন্দ্ৰ কৰি স্বামীয়ে হত্যা কৰিলে পত্নীক ৷ হত্যাকাণ্ডক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য় বিহালীত ৷

বিহালীত চাঞ্চল্য: মাইক্ৰ ফাইনেন্সৰ কিস্তি আদায় দিয়াক কেন্দ্ৰ কৰি পত্নীক হত্যা স্বামীৰ

বিহালী, 10 মাৰ্চ: আৰোহণ, আৰবিএলৰ ঋণেই হ'ল কাল এগৰাকী দুৰ্ভগীয়া নাৰীৰ ৷ ৰাজ্যত মাইক্ৰ’ ফাইনেন্সৰ বেংক প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকা সময়তে বিশ্বনাথৰ বিহালীত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা ৷ মাইক্ৰ’ ফাইনেন্সৰ কিস্তিকলৈ কেন্দ্ৰ কৰি এগৰাকী মহিলাক স্বামীয়ে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে । ঘটনা অনুসৰি বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলি নেপালী গাঁও টেলেঙা বস্তিত সংঘটিত হৈছে এই হত্যাকাণ্ড ৷ দেওবাৰে নিশা স্বামীয়ে পত্নীক কোৰেৰে মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰীতা তেলেঙা নামৰ মহিলাগৰাকীৰ (30) স্বামী ৰঞ্জিত তেলেঙাই নিজ গৃহত হত্যা কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।

বিহালীত চাঞ্চল্য, পত্নীক হত্যা স্বামীৰ

আনহাতে স্বামী-স্ত্রী দুয়োজনেই দেওবাৰে সন্ধিয়া পৰৰ পৰাই কাজিয়াত লিপ্ত হৈছিল বুলি কয় স্থানীয় লোকে ৷ ৰীতাৰ ককায়েক ৰঞ্জয় তেলেঙাই জনোৱা মতে, ৰীতাই মাইক্ৰ’ ফাইনেন্স নামৰ প্ৰতিষ্ঠান সমূহৰ পৰা 20 হাজাৰ আৰু 30 হাজাৰ মুঠ 50 হাজাৰ টকা ঋণ লৈছিল । সেই টকাৰ কিস্তিৰ ধন পৰিশোধ কৰাক লৈ স্বামী-স্ত্রী মাজত সৃষ্টি হৈছিল তীব্ৰ বাক বিতণ্ডা ৷

নিশা প্ৰায় 7 মান বজাত ৰীতাৰ ককায়েক ৰঞ্জয়ে দুয়োকে কাজিয়া নকৰিবৰ বাবে বুজনি দি পৰিস্থিতি কিছু শান্ত কৰি যদিও ৰঞ্জিত তেলেঙাই সুৰাসক্ত অৱস্থাত থকাৰ বাবেই কোনো কামত নাহিল বুজনি ৷ নিশা 9 মান বজাত হিতাহিত জ্ঞান হেৰুৱাই ৰঞ্জিতে কোৰৰে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নীক ৷ পিচত স্থানীয় ৰাইজে এই হত্যাকাণ্ডৰ বিষয়ে বিহালী আৰক্ষীক জনোৱাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী ৰঞ্জিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ইপিনে ৰীতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । আনহাতে গাওঁখনত বৰ্তমানো মাইক্ৰ’ ফাইনেন্সৰ কিস্তি দিয়াৰ নামত এক হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে । একাংশ মাইক্ৰ’ ফাইনেন্সৰ বেংক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে নীতি বৰ্হিভূতভাৱে ঘৰ-দুৱাৰ,সা-সম্পত্তি নোচোৱাকৈ টকা দি এতিয়া বহু দৰিদ্ৰ পৰিয়ালক মৃত্যুৰ মুখলৈ ঠিলি দিছে বুলি অভিযোগ উত্থাপিত কৰিছে একাংশই ৷

Last Updated : Mar 10, 2020, 7:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.