বিশ্বনাথ 4 জানুৱাৰী : বিশ্বনাথ জিলাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান । ইখনৰ পিছত সিখন অবৈধ অৰুণাচলী সুৰাৰ বাহন জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলা আৰক্ষী(Illegal liquor seized at Biswanath)। দৈনিক জিলাখনৰ বিভিন্ন আৰক্ষী থানা অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই উদ্ধাৰ কৰিছে কাৰ্টনে কাৰ্টনে অবৈধ অৰুণাচলী সুৰা। সোমবাৰেও বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমষ্টিৰ হেলেম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ।
সুৰাখিনিৰ আনুমানিক মূল্য প্ৰায় ১ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে । সোমবাৰে পুৱা এক বিশেষ সুত্ৰৰ পম খেদি হেলেমৰ টকৌবাৰীৰ গানুগাঁৱৰ কৃষ্ণ মিলি নামৰ লোকজনৰ বাসগৃহৰ পৰা প্ৰায় ৫২ কাৰ্টন বিভিন্ন ব্ৰেণ্ডৰ হুইস্কী, ৰাম আৰু বিয়েৰ জব্দ কৰে আৰক্ষীয়ে ।
জব্দ কৰা সুৰা খিনি পাছত হেলেম আৰক্ষীয়ে আৱকাৰী বিভাগক চমজাই দিয়াৰ ব্যৱস্থা কৰে । উল্লেখযোগ্য যে দীৰ্ঘদিন দি ধৰি বিশ্বনাথ জিলাৰ আৰক্ষীৰ নেতৃত্বত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাই গৈছে ৷ কিন্তু গহপুৰ মহকুমা আৱকাৰী বিভাগৰ বিষয়া সকলে আৰক্ষীৰ এনে অভিযানৰ বিপৰীতে কাৰ্যালয়ত বঢ়িয়েই সময় কটোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ ইয়াৰোপৰি অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো কঠোৰ স্থিতি গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে আৱকাৰী বিভাগৰ বিৰুদ্ধে ।
লগতে পঢ়ক : Illegal liquor seized : ৰহাত সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান