ETV Bharat / state

বিশ্বনাথ অসামৰিক চিকিৎসালয়ত অচলাৱস্থা

author img

By

Published : Jun 13, 2019, 9:28 PM IST

বিশ্বনাথৰ অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে ৰোগী তথা স্থানীয়লোকৰ অভিযোগ ৷ চিকিৎসালয়খনত উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় দৰৱৰ অভাৱৰ লগতে ৱাৰ্ড, শৌচাগাৰ তথা প্ৰস্ৰাৱগাৰ সমূহ ব্যৱহাৰৰ বাবে অনুপযোগী হোৱাৰো অভিযোগ ৰোগী তথা ৰোগীৰ অভিভাৱকৰ ৷

স্বাস্থ্যবিভাগৰ মৰিশালী সদৃশ এখন অসামৰিক চিকিৎসালয়

বিশ্বনাথ, 13 জুনঃ বিশ্বনাথৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ৰোগীৰ মাজত ৷ তাৰোপৰি এই উৎকট গৰমৰ সময়তো চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ ফেনৰ ব্যৱস্থা ৷ ইপিনে চিকিৎসালয়খনত উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় দৰৱৰ অভাৱ হোৱাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

স্বাস্থ্যবিভাগৰ মৰিশালী সদৃশ এখন অসামৰিক চিকিৎসালয়

কেৱল সেয়াই নহয়, ৰোগীৰ পৰিয়ালৰ অভিযোগ চিকিৎসালয়খনত ব্যৱহাৰৰ বাবে অনুপযোগী ৱাৰ্ড, শৌচাগাৰ তথা প্ৰস্ৰাৱগাৰ ৷ বিশ্বনাথ পৌৰ সভাই নিৰ্মাণ কৰা শৌচগাৰৰ দুৱাৰত মামৰে ধৰিছে আৰু সেই শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ ৰোগীয়ে মূল্য ভৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে ৰোগী তথা ৰোগীৰ অভিভাৱক ৷

Intro:as_biswanath_13_june_801_vis+byte_scrpt_as10028Body:as_biswanath_13_june_801_vis+byte_scrpt_as10028Conclusion:স্বাস্থ্যবিভাগৰ পয়াঁলগা ছবিঃমৰিশালী সদৃশ এখন অসামৰিক চিকিৎসালয়৷কিন্তু ক'ত এই চিকিৎসালয়খন? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন

পৰিবৰ্তনকামী মোডী তথা সোণোৱাল চৰকাৰখনে স্বাস্থ্যখণ্ডত উন্নতি হোৱা বুলি আভুৱাভাৰী থকাৰ সময়তে আজি আমি আপোনালোকক দেখুৱাম এনে এখন চিকিৎসালয় দেখি হয়তো আপোনাৰো চকু কপাঁলত উঠিব ৷

হয়,এইখন চাওক বিশ্বনাথৰ অসামৰিক চিকিৎসালয় ৷আজি আপোনালোকক দেখুৱাম আমি স্বাস্থ্যবিভাগৰ ফোঁপোলা স্বৰূপ ৷যিটো সময়ত পৰিৱৰ্তনকামী চৰকাৰখনৰ স্বাস্থ্যবিভাগে গণ্ডাই গণ্ডাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা তথা স্বাস্থ্যখণ্ডত উন্নতি হোৱা বুলি টেটুফালি আছে;সেই সময়তে আজি আপোনালোকে চাওক স্বাস্থ্যবিভাগৰ পয়াঁলগা বাস্তৱ ছবিখন ৷
এয়া ভালকৈ চাওক,ব্যৱহাৰৰ বাবে অনুপযোগী কৰ্দয-অপৰিছন্ন ৰোগীৰ ৱাৰ্ড- শৌচাগাৰ তথা প্ৰশ্বাৱগাৰ ৷বিশ্বনাথ পৌৰ সভাই যি এটা শৌচগাৰ নিৰ্মান কৰি দিছিল,তাৰো দুৱাৰত মামৰে ধৰা তলা৷কাৰণ,সেইটো ব্যৱহাৰ কৰিবলৈ ৰোগীয়ে ভৰিব লাগিব মূল্য ৷ অৰ্থাৎ বিশ্বনাথ পৌৰসভা অসামৰিক চিকিৎসালয়ত কৰিব খুজিছে ব্যৱসায় ৷নাই এটুপি বিশুদ্ধ খোৱাপানী ৷ৰোগীৰ মাজত হাঁহাকাৰ নাই উন্নত চিকিৎসা কিম্বা প্ৰয়োজনীয় দৰৱ ৷ দৰৱৰ বাবে ৰোগীৰ আত্মীয় দৌৰিব লাগে বাহিৰৰ ফাৰ্মাচীলৈ ৷ডাক্তৰ-নাৰ্ছৰ ৰোগীৰ প্ৰতি নাই কোনো কাণসাৰ ৷কেৱল মাত্ৰ ব্যক্তিগত চেম্বাৰৰ প্ৰতিহে আসক্তি বেছি এইসকল ডাক্তৰৰ৷
ইফালে,এইহেন গেলা গৰমত নাই কোনো ৰোগীৰ বাবে ফেনৰ ব্যৱস্থা ৷যি চাৰি-পাঁচখন আছে ৱাৰ্ডে প্ৰতি তাৰো বেছিভাগ অচল ৷অন্যহাতে,জৰুৰীকালীন দূৰ্ঘটনা বা ৰোগৰ বাবে নাপায় উন্নত চিকিৎসা ৷যি এটা চিটিষ্কেনৰ ব্যৱস্থা আছিল সেইটোও বৰ্তমান বহুমাহ ধৰি বিকল হৈ পৰি আছে৷তাতোকৈ ডাঙৰ আচৰিত কথাটো হ'ল,নিশা হোৱাৰ লগে লগে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ডাক্তৰ নাৰ্ছৰ পৰিৱৰ্তে ৱাৰ্ডে ৱাৰ্ডে তহল দিয়ে ভটুৱা কুকুৰৰ জাকে৷অৰ্থাৎ কুকুৰে চম্ভালিব লগা হৈছে এখন চিকিৎসালয়!!ৰোগীৰ বাবে বনোৱা খাদ্যৰ লংঘৰটো কুকুৰৰ মুক্ত বিচৰণ ৷ স্বাস্থ্য বিভাগত ইয়াতকৈ হাস্যকৰ আৰু লজ্জাজনক কি কথা হ'ব পাৰে আপুনিয়ে ভাৱক৷বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এনে চিকিৎসা ব্যৱস্থাই এতিয়া সচেতন মহলক চিন্তিত কৰাৰ লগতে জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজ তথা বিশ্বনাথ বাসীক ৷
স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া,ইয়াৰপাছতো ক'ব নেকি আপুনি স্বাস্থ্যবিভাগৰ উন্নতি কিম্বা বিকাশ হোৱা বুলি?? নে সকলোবোৰ বুমেৰাং হৈ ৰ'ব!! সাম্প্ৰতিক ইও এক ডাঙৰ গভীৰ প্ৰশ্ন হৈ পৰিছে!!

বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.