ETV Bharat / state

খৰিৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ খটীয়া পহু

author img

By

Published : Jun 29, 2020, 5:23 AM IST

কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহিছে বহু জীৱ-জন্তু ৷ বানত উটি অহা খৰি আহৰণৰ চলে একাংশই বন্য জীৱৰ সন্ধান চলাইছে ৷ বিশ্বনাথত নাৱত খৰিৰ মাজত লুকুৱাই অনা অৱস্থাত উদ্ধাৰ খটীয়া পহু ৷

hog deer recovered
hog deer recovered

বিশ্বনাথ, ২৮ জুন : চৌ দিশে বানৰ বিভীষিকা । বাদ পৰি যোৱা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানখনৰ সিংহভাগ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ প্ৰাণৰ ভয়ত ওখ স্থানলৈ ঢাপলি মেলিছে জীৱকুলে ৷ কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহিছে বহু জীৱ জন্তু ৷ আশ্ৰয় স্থল বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰে একাংশ অবোধ জীৱই ।

hog deer recovered
খৰি ধৰাৰ চলেৰে পহু চিকাৰ

একাংশ সহৃদয়বান লোকে এই জীৱকুলক উদ্ধাৰ কৰাৰ বিপৰীতে আন একাংশৰ হিংসাৰ পৰা ৰক্ষা পোৱা নাই এই জীৱ সমূহে ৷ বিশ্বনাথ ঘাটৰ ভোলাকটা চাপৰিৰ বুঢ়ী গংগা নলাত সংঘটিত হয় এনে এক ঘটনা । বানত উটি অহা খৰি আহৰণৰ চলে একাংশই বন্য জীৱৰ সন্ধান চলাইছে ৷ বিশ্বনাথত নাৱত খৰিৰ মাজত "খটীয়া পহু" লুকুৱাই আনিছিল আব্দুল আলী নামৰ এজন লোকে । ব্ৰহ্মপুত্ৰ নদীৰ মাজত খৰি আহৰণ কৰিবলৈ গৈ পহুটো ধৰি নাৱত খৰিৰ মাজত লুকুৱাই আনিছিল অভিযুক্ত গৰাকীয়ে ।

hog deer recovered
খৰিৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ খটীয়া পহু

ইয়াৰ পিছত বিশেষ সূত্ৰৰ পম খেদি দেওৱাৰে বিয়লি ভাগত চেন্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ ইকবাল হুছেইনে সু-পৰিকল্পিতভাৱে হাতে লোটে পহুটিৰ সৈতে আটক কৰে আব্দুল আলীক । ইতিমধ্যে , বনবিভাগৰ দলে আব্দুল আলীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷

hog deer recovered
পহু চিকাৰৰ অপৰাধত আটক আব্দুল আলী

ইয়াৰ লগতে অনাগত সময়ত এনে ধৰণৰ চোৰাং চিকাৰৰ সন্দৰ্ভত যি কোনো পৰিস্থিতিত বন বিভাগৰ দল সষ্টম আছে বুলি জানিবলৈ দিয়ে চেন্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ ইকবাল হুছেইনে ।

লগতে পঢ়ক : সেনা-আৰক্ষীৰ যুটীয়া অভিযানত পিডিচিকেৰ এৰিয়া কামাণ্ডাৰ ধৃত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.