ETV Bharat / state

অৱশেষত সংৰক্ষিত হ'ব গুৰুজনাৰ স্মৃতি বিজৰিত গাংমৌ থান - GANGMOU THAN

শনিবাৰে গাংমৌ থান পৰিদৰ্শন কৰি গাংমৌ থানৰ পুনৰ নিৰ্মাণৰ লগতে গুৰুজনাই খন্দুওৱা পদুম পুখুৰীৰ সংৰক্ষণৰ কথাও ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

etv bharat
author img

By

Published : Jun 30, 2019, 12:50 AM IST

বিশ্বনাথ, 29 জুন: অস্তিত্বৰ সংকটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজৰিত বিহালীৰ গাংমৌ থানৰ লগতে, গুৰুজনাই খন্দুওৱা পদুম পুখুৰী ৷ লোকপ্ৰবাদ অনুসৰি, কীৰ্ত্তন পুথি ৰচনা কৰাৰ সময়ত বিহালীৰ এই গাংমৌ থানতে আছিল গুৰুজনা ৷ থানতে থাকি সাত বছৰ ছয়মাহ কালজুৰি কীৰ্তন পুথিৰ কেইবাটাও অধ্যায় ৰচনা কৰা মহাপুৰুষ জনাৰ বহুতো স্মৃতি বিজৰিত হৈ আছে গাংমৌ থানত ৷ শনিবাৰে গাংমৌ থানত অনুষ্ঠিত এখন সভাত উপস্থিত হৈ থানৰ আশীষ গ্ৰহণ কৰি থানখনৰ লগতে পুখুৰীটোৰ সংৰক্ষণৰ কথাও ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, গৰাখহনীয়াত জাহ যোৱাৰ পাচত নতুনকৈ কিছু নিলগত থানখন পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও এতিয়া গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে গুৰুজনাই খন্দুওৱা পুখুৰীটো ৷ নিজেই খন্দুওৱা পদুম পুখুৰীটোতে গাংমৌত থকাৰ সময়খিনিত গা ধুইছিল গুৰুজনাই ৷ এই সংকটৰ সময়ত থানৰ লগতে পুখুৰী পৰিদৰ্শন কৰি কেইবাখনো আঁচনিৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ বৰগাং-গাংমৌথান সংযোগী পথটো দুই লেনযুক্ত পথলৈ উন্নীতকৰণ, শংকৰদেৱে খন্দুওৱা পদুম পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা কৰা, অত্যাধুনিক অতিথিশালা নিৰ্মাণ, পদুম পুখুৰীৰ চাৰিওফালে বহাৰ ব্যৱস্থা কৰি আটকধুনীয়াকৈ সজাই তোলা, অত্যাধুনিক শৌচাগাৰৰ নিৰ্মাণ, থান আৰু পুখুৰীৰ খহনীয়া ৰোধ কৰিবৰ বাবে জিঅ বেগৰ কামৰ সম্প্ৰসাৰণকে ধৰি থানৰ সৌন্দৰ্য বৰ্ধনৰ কাম কৰাৰ ব্যৱস্থা কৰা আদি প্ৰতিশ্ৰুতি প্ৰদান কৰি যায় মন্ত্ৰীগৰাকীয়ে ৷ থানখন পৰিদৰ্শন কৰাৰ লগতে শংকৰদেৱে নিজ হাতে লিখা সাঁচিপাতৰ পুথিখনতো চকু ফুৰালে মন্ত্ৰীগৰাকীয়ে ৷ গাংমৌ থানত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে আদি কৰি বহু কেইগৰাকী চৰকাৰী বিষয়া ৷

Intro:as_biswanath_ himanta_ gangmouthan_29_june_802_vis+scrpt_byte_as10018
Body:as_biswanath_ himanta_ gangmouthan_29_june_802_vis+scrpt_byte_as10018
Conclusion:as_biswanath_ himanta_ gangmouthan_29_june_802_vis+scrpt_byte_as10018

#বিহালীৰ গাংমৌথানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
# খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খন্দুৱা পদুম পুখুৰী সংৰক্ষিত হ'ব

গুৰুজনাৰ স্মৃতি বিজৰিত বিহালীৰ গাংমৌ থান আৰু গুৰুজনাই খন্দুৱা পদুম পুখুৰী আজি অস্তিত্বৰ সংকটত ৷
পুৰনি গাংমৌ থানখন গৰাখহনীয়াত জাহ যোৱাৰ পিচত নতুকৈ কিছু নিলগত থানখন পুনৰ নিৰ্মান কৰা হৈছিল যদিও গুৰুজনাই খন্দুৱা পুখুৰীটো এতিয়া গৰাখহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে ৷ নিজে খন্দুৱা এই পদুম পুখুৰীতে গা ধুইছিল গুৰুজনাই ৷ ৭ বছৰ ৬ মাহ কালজুৰি গাংমৌ থানতে থাকি কীৰ্তন পুথিৰ কেইবাটাও অধ্যায় ৰচনা কৰা মহাপুৰুষ জনাৰ স্মৃতি বিজৰিত এই স্থান আজিও অনুন্নত ৷ শনিবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ জনাৰ স্মৃতি বিজৰিত গাংমৌথানত মুৰ দোৱাই পৰিদৰ্শন কৰিলে খহনীয়াত জাহ যাবলৈ উপক্ৰম হোৱা শংকৰদেৱে খন্দোৱা পদুম পুখুৰি ৷ ইয়াৰ পিছতে থানত অনুষ্টিত এক অনুষ্ঠানতে নিজৰ ভাষনত থানখনৰ লগতে পুখুৰীটো সংৰক্ষণৰ বাবে ঘোষনা কৰিলে কেইবাখনো আচনি ৷
বৰগাং গাংমৌথান সংযোগী পথটো ২ লেনযুক্ত পথলৈ উন্নীতকৰন, শংকৰদেৱে খন্দুৱা পদুম পুখুৰী সংৰক্ষণৰ ব্যৱস্হা কৰা,
অত্যাধুনিক অতিথি শালা নিৰ্মাণ, পদুম পুখুৰীৰ চাৰিওফালে বহাৰ ব্যৱস্হা কৰা, অত্যাধুনিক শৌচাগাৰৰ নিৰ্মান কৰা , মহাপুৰুষৰ ধাপটো সংৰক্ষণৰ ব্যৱস্থা কৰা, থান আৰু পুখুৰীৰ খহনীয়া ৰোধ কৰিবৰ বাবে জিঅ বেগৰ কামৰ সম্প্ৰসাৰণ কৰাকে আদি কৰি থানৰ সৌন্দৰ্য বৰ্ধনৰ কাম কৰাৰ কথা ঘোষনা কৰে মন্ত্ৰী গৰাকীয়ে ৷ চলিত বৰ্ষতে আৰম্ভ হব ঘোষনা কৰা সকলো কাম ৷ শংকৰদেৱে নিজৰ হাতৰে লিখা সাচি পাতৰ পুথিখনতো চকু ফুৰালে মন্ত্ৰী গৰাকীয়ে ৷ অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত আছিল কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আদি কৰি বহু কেইগৰাকী চৰকাৰী বিষয়া ৷ মন্ত্ৰী গৰাকীৰ এই ঘোষনাক কেন্দ্ৰ কৰি এতিয়া আনন্দমুখৰ পৰিবেশ বিহালীত ৷

BYTE- হিমন্ত বিশ্ব শৰ্মা

বিহালী পৰা ত্ৰিদিপ দাসৰ সহযোগত বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.