ETV Bharat / state

ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিছাত ৰাইজৰ সৈতে মত-বিনিময় হিমন্তৰ - বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰঙাপাৰাৰ তাৰাজুলি চাহ বাগিচাত উপস্থিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বাগিচাত উপস্থিত হৈ চাহ শ্ৰমিকসকলৰ লগত মত-বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷

ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিছাত হিমন্ত বিশ্ব শৰ্মাঃ শ্ৰমিক ৰাইজৰ সৈতে মত-বিনিময় হিমন্তৰ
author img

By

Published : Oct 17, 2019, 8:56 PM IST

ৰঙাপাৰা, 17 অক্টোবৰ: ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলৰ প্ৰচাৰ অভিযান অব্যাহত ৷ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহ বাগিছাৰ চালানত উপস্থিত হৈ চাহ শ্ৰমিক ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ পাছত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে হেলিকপ্টাৰেৰে ৰঙাপৰালৈ যায় ৷ ৰঙাপাৰাৰ তাৰাজুলি চাহ বাগিচাত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পাছত উক্ত চাহ বাগিচাৰ জুলি ডিভিজনৰ চালানত উপস্থিত হৈ চাহ শ্ৰমিকৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷

ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিছাত হিমন্ত বিশ্ব শৰ্মাঃ শ্ৰমিক ৰাইজৰ সৈতে মত-বিনিময় হিমন্তৰ

চৰকাৰে চাহ শ্ৰমিকসকলক বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিছে ৷ এতিয়া মাহত 2 কেজিকৈ চেনি আৰু বিনামূলীয়াকৈ ঔষধ-পাতি যোগান ধৰাৰো ব্যবস্থা কৰিছে ৷ এই সকলোবোৰৰ উপৰিও চাহ শ্ৰমিকসকলৰ আন আন প্ৰয়োজনীয়তা সমূহো বিজেপি চৰকাৰে পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে চৰকাৰে চাহ শ্ৰমিকৰ একাউণ্টত দুটা কিস্তিত সুমুৱাই দিয়া ২৫০০ শ টকা শ্ৰমিক ৰাইজে পালে নে নাই বুলি চালানত উপস্থিত থকা শ্ৰমিকক সোধাত একাংশ শ্ৰমিকে পইচা সমূহ একাউণ্টত সোমাইছে যদিও উলিয়াব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সেই টকাখিনিও উলিয়াই দিয়াৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

মত-বিনিময়ৰ সময়তে বাগিচাখনৰ শ্ৰমিক মহিলা সকলে চৰকাৰী আঁচনিৰ বিনামূলীয়া চাইকেল নোপোৱা বুলি অভিযোগ উত্থাপিত কৰে মন্ত্ৰীগৰাকীক ৷ ইয়াৰ উপৰিও বাগিচাখনৰ এজন যুৱকে ২নং শ্ৰমিক লাইনৰ পৰা গাভৰু নৈ পাৰলৈকে পথচোৱা পকীকৰণ,লাইটৰ ব্যৱস্থা আৰু বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধৰ কৰাৰ ব্যৱস্থা কৰিবলৈ বিত্ত মন্ত্ৰী গৰাকীক দাবী জনায় ৷ লগতে বাগিচাখনৰ সীমাত সৌৰশক্তি তাঁৰৰ লগতে দুটা টঙি ঘৰৰ ব্যৱস্থা আৰু গাভৰু নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৷

বাগিচাত হেলিকপ্টাৰেৰে উপস্থিত হোৱাৰ পিছতেই মন্ত্ৰীগৰাকীক ফুলৰ মালা আৰু গামোচাৰে আদৰণি জনায় বাগিচাৰ মহিলাসকলে ৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা,সাংসদ পল্লৱ লোচন দাস আৰু বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে ৷

Intro:ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিছাত হিমন্ত বিশ্ব শৰ্মাঃ শ্ৰমিক ৰাইজৰ সৈতে মত-বিনিময় হিমন্তৰBody:ৰঙাপৰাঃ ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহ বাগিছাৰ চালানত উপস্থিত হৈ চাহ শ্ৰমিক ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ পাছত আজি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰঙাপৰালৈ হেলিকপ্টাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে আহে। তাৰাজুলি চাহ বাগিচাত হেলিকেপ্তাৰ অৱতৰণ কৰাৰ পাছত মন্ত্ৰী গৰাকীয়ে উক্ত চাহ বাগিচাৰ জুলি ডিভিজনৰ চালানত উপস্থিত হৈ চাহ শ্ৰমিকৰ সৈতে মত-বিনিময় কৰে ৷ মত-বিনিময়ৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্ৰমিক সকলৰ সৈতে বহি ফটো উঠে। চাহ বাগিচাৰ শ্ৰমিকসকলে চৰকাৰী আঁচনি লাভ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি? শিক্ষা, স্বাস্থ্য অনাময় যাতায়ত চৰকাৰী আঁচনি বিষয়ত মত-বিনিময় কৰে ৷ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলক বিনামুলীয়াকৈ চাউল দিছে ৷ এতিয়া মাহত ২ কেজিকৈ চেনী দিব, বিনামুলীয়াকৈ ঔষধ দিব আৰু কিবা লাগে নেকি যদি লাগে ক’লে হ’ল বিজেপি চৰকাৰে শ্ৰমিক ৰাইজৰ হকে কাম কৰি যাব। মন্ত্ৰী গৰাকীয়ে চৰকাৰে চাহ শ্ৰমিকৰ একাউণ্টত দুটা কিস্তিত সুমুৱাই দিয়া ২৫০০ শ টকা শ্ৰমিক ৰাইজে পালে নে নাই বুলি চালানত উপস্থিত থকা শ্ৰমিকক সোধাত একাংশ শ্রমিকে পইচা সমূহ একাউণ্টত সোমাইছে যদিও উলিয়াব পৰা নাই বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিযোগ কৰে। পাছত উক্ত স্থানৰ পৰাই মন্ত্ৰী গিৰাকীয়ে কাৰোবাক ফোন যোগে টকা সমূহ শ্ৰমিক ৰাইজে উলিয়াব পৰা ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিয়ে। মত-বিনিময়ৰ সময়তে বাগিচাখনৰ শ্ৰমিক মহিলা সকলে চৰকাৰী আঁচনিৰ বিনামূলীয়া চাইকেল নোপোৱা বুলি অভিযোগ উত্থাপিত কৰে। বাগিচাখনৰ এজন যুৱকে ২ন ম্বৰ শ্ৰমিক লাইনৰ পৰা গাভৰু নৈ পাৰলৈকে পথচোৱা পকীকৰণ, লাইটৰ ব্যৱস্থা আৰু বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধৰ কৰাৰ ব্যৱস্থা কৰিবলৈ বিত্ত মন্ত্ৰী গৰাকীক দাবী জনায়। বাগিচাখনৰ সীমাত সৌৰশক্তি তাৰৰ লগতে দুটা টঙী ঘৰৰ ব্যৱস্থা আৰু গাভৰু নৈৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। তাৰাজুলী চাহ বাগিচাৰ চালানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে মত-বিনিময় কৰি কেইবাখনো চৰকাৰী আঁচনি সফল ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইফালে, চাহ বাগিচাখনৰ চালানত মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ লগে লগে চালানত উপস্থিত থকা মহিলা শ্ৰমিকসকলে গামোছা আৰু ফুলৰ মালাৰে আদৰণী জনাই। জুমুৰ নৃত্যৰ এটা দলে মন্ত্ৰী গৰাকীক আদৰি উক্ত চালানৰ স্থানলৈ লৈ যায়। বাগিচাৰ মাজত পদ যাত্ৰা কৰি যোৱা ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰমিক মহিলা সকলক পাত তোলাৰ সময়ত ঘৰৰ পৰা খাবলৈ কি কি আনে বুলি প্ৰশ্ন কৰাত ভাত বা ৰুটি ঘৰৰ পৰা লৈ আনো বুলি কয়। আৰু বাগিচাৰ কৰ্তৃপক্ষই প্ৰদান কৰা নিমখ চাহ খাই আবেলি তিনি বজাত ঘৰমুৱা হওঁ বুলি মন্ত্ৰী গৰাকীক জানিবলৈ দিয়ে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংগ দিয়ে অসম ৰাজ্যিক মন্ত্ৰী পিজুছ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস আৰু বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.