ETV Bharat / state

ভোটগ্ৰহণকাৰী বিষয়াক কৃতজ্ঞতা বিশ্বনাথ জিলা প্ৰশাসনৰ - পুলিং

প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল ভোটকেন্দ্ৰৰ পৰা উভতি অহাৰ পিছত এনচিচি সদস্যই হাত চাপৰিৰে তেওঁলোকক আদৰণি জনায় আৰু পুনৰ একোটিকৈ উপহাৰ হাতত তুলি দিয়ে । এই উপহাৰটোৰ লগতে ‘২০২১ বিধানসভা নিৰ্বাচনত আপুনি আগবঢ়োৱা বহুমূলীয়া সেৱাৰ বাবে ধন্যবাদ জনালো’ শীৰ্ষক এটি বাৰ্তা সংলগ্ন থাকে ।

ভোটগ্ৰহণকাৰী বিষয়াক কৃতজ্ঞতা বিশ্বনাথ জিলা প্ৰশাসনৰ

author img

By

Published : Mar 28, 2021, 10:24 PM IST

বিশ্বনাথ ২৮ মাৰ্চ: ভোটগ্ৰহণকাৰী বিষয়াসকলে ভোটগ্ৰহণৰ দিনটোত তেওঁলোকে আগবঢ়োৱা বহুমূলীয়া সেৱাৰ বাবে এক অনন্য প্ৰকাৰেৰে কৃতজ্ঞতা জনায় বিশ্বনাথ জিলা প্ৰশাসনে । বিষয়াসকল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হোৱাৰ পূৰ্বে একোটাকৈ সৰু উপহাৰ হাতত তুলি দি হাত জোকাৰি অভিবাদন জনোৱা হয় । উপহাৰটোত বিষয়াসকলে আগবঢ়াবলৈ লোৱা তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি এক শুভেচ্ছাবাণীও থাকে ।

প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল ভোটকেন্দ্ৰৰ পৰা উভতি অহাৰ পিছত এনচিচি সদস্যই হাত চাপৰিৰে তেওঁলোকক আদৰণি জনায় আৰু পুনৰ একোটিকৈ উপহাৰ হাতত তুলি দিয়ে । এই উপহাৰটোৰ লগতে ‘২০২১ বিধানসভা নিৰ্বাচনত আপুনি আগবঢ়োৱা বহুমূলীয়া সেৱাৰ বাবে ধন্যবাদ জনালো’ শীৰ্ষক এটি বাৰ্তা সংলগ্ন থাকে । বিশ্বনাথ জিলা উপায়ুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মা দেৱে উপহাৰ প্ৰদানত আগভাগ লোৱাৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে ড৹ সূৰ্য্য কমল বৰা, শ্ৰীযুতা লিজা তালুকদাৰ, নিৰ্বাচনী বিষয়া শ্ৰীযুত দেৱাশীষ গোস্বামী, অতিৰিক্ত আয়ুক্ত ক্ৰমে ড৹ ভূপালী কাশ্যপ আৰু শ্ৰীযুতা কংকণা শইকীয়াইও উপহাৰ সমূহ প্ৰদান কৰে ।

জিলা উপায়ুক্ত গৰাকীয়ে তেওঁৰ চমু বক্তব্যত কয় “ভোটগ্ৰহণৰ দিনটোত ভোটগ্ৰহণকাৰী বিষয়াসকলে প্ৰচণ্ড চাপৰ মাজত থাকি কৰ্তব্য পালন কৰিব লগীয়া হয় । তেওঁলোকে কৰা কামবোৰ সম্পূৰ্ণ এশ শতাংশই সঠিক আৰু নিৰ্ভূলকৈ কৰিব লাগে । সাধাৰণতে, তেওঁলোকে নিৰ্বাচনৰ কাম-কাজবোৰ সম্পূৰ্ণভাৱে সফল হোৱাত যিখিনি অৰিহণা যোগায় তাক আমি সদায় অৱহেলা কৰো । সেয়েহে তেওঁলোকে আগবঢ়োৱা সেৱাও যে অতিশয় গুৰুত্বপূৰ্ণ তেওঁলোকক সেই অনুভৱ কৰাবলৈ আৰু কৃতজ্ঞতা জনাবৰ বাবে তেওঁলোকক হাত চাপৰিৰে অভিবাদন জনাইছো ।“

বিশ্বনাথ সমষ্টিত মুঠ ২৭৭ গৰাকী প্ৰিজাইডিং আৰু ৮৩১ গৰাকী প’লিং বিষয়া থকাৰ সমান্তৰালকৈ বিহালী সমষ্টিত ২১৪ গৰাকী প্ৰিজাইডিং আৰু ৬৪২ গৰাকী প’লিং বিষয়া আছে । এই বিশ্বনাথ আৰু বিহালী সমষ্টি দুটা মিলি বিশ্বনাথ নিৰ্বাচন জিলা গঠিত হৈছে । যোৱা ২৭ মাৰ্চত অনুষ্ঠিত হোৱা নিৰ্বাচনত উক্ত দুয়োটা সমষ্টিতে হোৱা ভোটদান অতিশয় সন্তোষজনক । বিশ্বনাথ সমষ্টিত ৮৪.১৫ শতাংশ আৰু আৰু বিহালী সমষ্টিত ৮৩.৫১ শতাংশ ভোটদান সম্পন্ন হয় ।

লগতে পঢ়কঃ প্ৰথম পৰ্যায়ত উজনিৰ আটাইকেইখন জিলাতে পোনপটীয়া যুঁজ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.