বিশ্বনাথ , 9 অক্টোবৰ : বিশ্বনাথ মহকুমা কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ সহযোগিতাত শুকুৰবাৰে বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিচাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম আৰু চাহ বাগিচাৰ লাইন চকীদাৰসকলৰ মাজত চাইকেল বিতৰণ কৰা হয় । বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভাখন ৷
![government has given bicycles to the chowkidar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-8-oct-government-has-given-bicyclestothechowkidar-photo-scrpt-as10018_08102021173944_0810f_1633694984_1061.jpg)
অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ হিতাধিকাৰী বাচনি সমিতিৰ উদ্যোগত এই উপলক্ষে আয়োজিত সভাখনৰ সভাপতিত্ব কৰে সমিতিৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰে । অনুষ্ঠানটোত সমগ্ৰ বিশ্বনাথ জিলাৰ কেইবাখনো বিদ্যালয়ৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম আৰু চাহ বাগিচাৰ প্ৰায় ২০ গৰাকী লাইন চকীদাৰৰ মাজত চাইকেল বিতৰণ কৰা হয় ।
উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত চাহ বাগিচাৰ অন্তৰ্গত ৪২ খন বিদ্যালয়ৰ ৫,২৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু ১৬৭ গৰাকী লাইন চকীদাৰক চাইকেল প্ৰদান কৰা হ'ব ।সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিহালীৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই অসম চৰকাৰে চাহ বাগিচাৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে ৰূপায়ণ কৰা বিভিন্ন আচঁনিসমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে ।
![government has given bicycles to the chowkidar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-8-oct-government-has-given-bicyclestothechowkidar-photo-scrpt-as10018_08102021173944_0810f_1633694984_559.jpg)
ৰঞ্জিত দত্তই কয় যে, "বৰ্তমানৰ চৰকাৰখনে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলা, গুৰুতৰ অসুখত ভোগা ৰোগীৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি ৰাইজৰ কল্যাণ সাধন কৰি আহিছে । তদুপৰি ৰাস্তা-ঘাটৰ উন্নয়ন, মাটি পট্টা বিতৰণ আদি কাৰ্যসূচী হাতত লৈছে । চৰকাৰে চাহ বাগিচাসমূহত ২৫ লাখ টকা ব্যয় সাপেক্ষে একোটাকৈ আদৰ্শ অংগনবাদী কেন্দ্ৰও স্থাপন কৰিব । তেওঁ লগতে চৰকাৰে পৰৱৰ্তী সময়ত লাইন চকীদাৰক চাইকেলৰ সলনি স্কুটীও বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে ।
সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি চাহ জনজাতি কল্যাণ বিভাগ, বিশ্বনাথৰ সদস্য, সচিব তথা মহকুমাধিপতি (সদৰ) দীপম বৰ্মণে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে ব্যৱস্থা কৰা বিভিন্ন বৃত্তি পৰীক্ষাসমূহৰ অনলাইন যোগে পাব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰে । সভাত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, হিতাধিকাৰী আৰু বাচনি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক : শীঘ্ৰে কৰ্তন হ'ব সুলভ মূল্যৰ ভুৱা হিতাধিকাৰীৰ নাম : জয়ন্তমল্ল বৰুৱা