ETV Bharat / state

ঐতিহাসিক কীৰ্তি চিহ্ন ৰূপত সংৰক্ষিত গহপুৰ থানা

author img

By

Published : Jul 28, 2020, 10:56 PM IST

বিগত বৰ্ষত প্ৰত্নতত্ত্ব বিভাগে শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত গহপুৰ থানাক ঐতিহাসিক কীৰ্তি চিহ্ন হিচাপে ঘোষণা কৰিছিল ৷ ইয়াৰ পিছতে থানাখনৰ পুৰণি ভৱনটোক পুনঃ নিৰ্মাণ কৰিবৰ বাবে প্ৰত্নতত্ত্ব বিভাগক দায়িত্ব অৰ্পণ কৰিছিল ৰাজ্য চৰকাৰে ৷ শ্বহীদ সকলৰ স্মৃতি বিজড়িত বৃটিছৰ দিনৰ গহপুৰৰ বৰ পুখুৰী পাৰৰ আৰক্ষী থানাখন অৱশেষত ৫০লাখ টকা ব্যয় সাপেক্ষে পুনঃ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে থানাখন ৷

Gohpur Police Station as a historical landmark
ঐতিহাসিক কীৰ্তি চিহ্ন ৰূপত গহপুৰ থানা

বিশ্বনাথ,28 জুলাইঃ ৰাজ্যবাসীৰ বাবে সু খবৰ ৷ ঐতিহাসিক কীৰ্তিচিহ্নৰ ৰূপত প্ৰাণ পালে গহপুৰ থানাই ৷ বিগত বৰ্ষত প্ৰত্নতত্ত্ব বিভাগে শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত গহপুৰ থানাক ঐতিহাসিক কীৰ্তি চিহ্ন হিচাপে ঘোষণা কৰিছিল ৷ ইয়াৰ পিছতে থানাখনৰ পুৰণি ভৱনটোক পুনঃ নিৰ্মাণ কৰিবৰ বাবে প্ৰত্নতত্ত্ব বিভাগক দায়িত্ব অৰ্পণ কৰিছিল ৰাজ্য চৰকাৰে ৷ শ্বহীদ সকলৰ স্মৃতি বিজড়িত বৃটিছৰ দিনৰ গহপুৰৰ বৰ পুখুৰী পাৰৰ আৰক্ষী থানাখন অৱশেষত ৫০লাখ টকা ব্যয় সাপেক্ষে পুনঃ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে থানাখন ৷

মঙলবাৰে এই ঐতিহ্যমণ্ডিত থানাৰ শুভ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি কৰি দি মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতিক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ আদৰ্শক জীয়াই ৰখাৰ স্বাৰ্থত গহপুৰ থানাক সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

ঐতিহাসিক কীৰ্তি চিহ্ন ৰূপত গহপুৰ থানা

আনহাতে,উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত দত্তই গহপুৰ থানা সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ পৰৱৰ্তী সময়ত থানাখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ইপিনে এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,সাংসদ পল্লৱলোচন দাস আৰু গহপুৰৰ বিধায়ক উৎপল বৰা ।

Gohpur Police Station as a historical landmark
ঐতিহাসিক কীৰ্তি চিহ্ন ৰূপত সংৰক্ষিত গহপুৰ থানা

উল্লেখযোগ্য যে,1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত ভাৰতৰ পতাকা উৰুৱাবলৈ গৈ বৃটিছ পুলিচৰ গুলীত মৃত্যু বৰণ কৰি শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি ৷স্বাধীনোত্তৰ ভাৰতৰ লগতে অসমৰ ভিন্ন গৌৰৱোজ্বল অধ্যায়ৰ সাক্ষী এই গহপুৰ থানা৷

ইপিনে,থানাৰ শুভ উদ্বোধনী অনুষ্ঠানতে গহপুৰ ৰাইজে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা এটা ৰক্ত ভঁড়ালৰ দাবী জনোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টো গুৰুত্ব সহকাৰে লয় ৷

লগতে পঢ়কঃবিজেপিৰ নেতৃত্বত সংঘাত: অপসাৰিত স্বাস্থ্যমন্ত্ৰীৰ ঘনিষ্ঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.