বিশ্বনাথ, 26 ফেব্ৰুৱাৰীঃ বুধবাৰে গহপুৰত নগৰীয়া জীৱিকা কেন্দ্ৰৰ শুভ উন্মোচন কৰে সাংসদ পল্লৱ লোচন দাসে ৷ স্থানীয় বিধায়ক উৎপল বৰা আৰু গহপুৰ পৌৰসভাৰ সভানেত্ৰী লীনা শইকীয়া বৰাৰ সহযোগত, গহপুৰ নগৰৰ পৌৰসভা অধীনৰ মহিলা গোটৰ নগৰীয়া জীৱিকা কেন্দ্ৰত, ৮ টাকৈ অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে তেজপুৰৰ সাংসদ গাৰাকীয়ে ৷ ইয়াৰ পিচতে নৱ নিৰ্মিত সভা কক্ষত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷ এই সভাত উপস্থিত থাকি গহপুৰৰ আদিবাসী নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ তদন্ত হ'ব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷
লগতে পঢ়কঃ বদৰপুৰ টাউন কমিটিৰ অধীনস্থ দুটাকৈ ৱাৰ্ডঃ আজিকোপতি দেখা নাই উন্নয়নৰ মুখ