ETV Bharat / state

প্ৰেম কৰিছিল দেওৰেক-বৌৱেকে, সিপুৰী পালেগৈ পিতা-পুত্ৰ

প্ৰেম এক সুন্দৰ অনুভৱ, যেতিয়ালৈ ই সমাজত হাঁহি বিয়পাই থাকে ৷ কিন্তু বৰ্তমান সময়ত প্ৰেমৰ নামত চলি থকা কু-কৰ্মবোৰে সমাজখন কিমান পৰ্যায়লৈকে কলুষিত কৰিছে কেতিয়াবা ভাবি চাইছেনে ? পাৰ্থক্য নাই, একো পাৰ্থক্য আজিকালিৰ যুগত মানুহ মৰা আৰু মহ মৰাৰ মাজত ৷ এচাম হিংসুক দুঠেঙীয়া দানৱৰূপীয়ে তাকেই যেন প্ৰমাণ কৰে বাৰে বাৰে ৷ সবিশেষৰ বাবে আগলৈ পঢ়ক...

father-and-son-stabbed-to-death-over-altercation-in-gohpur
শিহৰণকাৰী ঘটনা
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:14 PM IST

শিহৰণকাৰী ঘটনা

বিশ্বনাথ, ১৯ ডিচেম্বৰ : এক শিহৰণকাৰী ঘটনা ৷ কথা কটাকটিতে দুজন মানুহক হানি-খুচি হত্যা কৰা হ’ল ৷ পিতা-পুত্ৰ দুয়োকে একেদিনাই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা হ’ল ৷ কিয় জানেনে, মাত্ৰ এটা প্ৰশ্নৰ বাবেই ! দুজন ব্যক্তিৰ মাজত লাগি থকা তৰ্ক-বিতৰ্কত সোমাই প্ৰাণ হেৰুৱালে পিতা-পুত্ৰ দুয়োৱে ৷ এনেকুৱাতে ভাবিবলৈ বাধ্য যে, কাৰোবাৰ সহায়ৰ বাবে নাইবা সঁচা কথাতে মাত মাতিবলৈ যাব লাগে জানো আজিকালি ? প্ৰাপ্ত খবৰ অনুসৰি, গোটেই হত্যাকাণ্ডৰ ঘটনাটো জড়িত হৈ আছে অবৈধ প্ৰেমৰ সৈতে ৷

দেওৰেক-বৌৱেকৰ অবৈধ প্ৰেমৰ পৰিণতিতে গহপুৰত পিতা পুত্ৰক হানি খুচি হত্যা কৰা হ’ল ৷ সোমবাৰে নিশা বিশ্বনাথ জিলাত গহপুৰ মহকুমাৰ পূৱ কলাবাৰী দেউৰীচুকত সংঘটিত হয় এই অদ্ভুত কাণ্ড । স্থানীয় লোকে বৰ্ণনা কৰা অনুসৰি, সোমবাৰে পূৱ কলাবাৰী দেউৰীচুকত অনুষ্ঠিত হোৱা ৰাস উপভোগ কৰিবলৈ গৈছিল গাঁওখনৰ নিৱাসী হিতেশ্বৰ শইকীয়া (৪৭) আৰু তেওঁৰ পুত্ৰ সীমান্ত শইকীয়াই (২৫) । ৰাস চলি থকা সময়তে ঘটিল অঘটনটো ।

গাঁওখনৰে বাসিন্দা কৃষ্ণ বৰদলৈ ৷ তেওঁৰ আছে দুজন পুতেক, বৰ পুতেক গৌতম আৰু সৰু পুতেক অকণ ৷ সৰু পুতেকৰ অকণ বৰদলৈৰ লগত তেওঁৰ বোৱাৰী মুনু বৰদলৈৰ সম্পৰ্ক থকাৰ কথা গাঁৱৰ সকলোৰে মুখে মুখে ৷ এই গোটেই হত্যাকাণ্ডটো বৌৱেক-দেওৰেকৰ অবৈধ সম্পৰ্কৰ ফলতে হ’ল বুলি সকলোৱে মত প্ৰকাশ কৰিছে ৷ দৰাচলতে ৰাসলৈ বুলি যোৱাৰ সময়তে সীমান্ত শইকীয়াই অকণ বৰদলৈ আৰু মুনু বৰদলৈৰ মাজত বাক-বিতণ্ডা চলি থকা দেখা পাই কাজিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰে ৷ জানিব পৰা মতে, মুনু বৰদলৈয়ে ৰাসত অসুৰৰ ভাও লোৱাৰ কথা ৷ স্বামীয়ে দিছে অনুমতি, কিন্তু অনুমতি নাই দেওৰেকৰ ৷ সেই কথাটোতে লাগি থকা তৰ্কাতৰ্কিত সীমান্তই মুনু বৰদলৈৰ হকে মাত মতাত ক্ৰোধত একো নাই হৈ অকণে পুত্ৰ মদন বৰদলৈৰ সহযোগত সীমান্তক হত্যা কৰে ৷

ইফালে পুত্ৰক হত্যা কৰা বিষয়ত পিতৃ হিতেশ্বৰ শইকীয়া অৱগত হোৱাত পিচত হিতেশ্বৰ শইকীয়াক কৃষ্ণ বৰদলৈ, অকণ বৰদলৈ, মদন বৰদলৈ আৰু দুজন ভাগিনীয়েক ধৰি হানি- খুচি হত্যা কৰা বুলি স্থানীয় লোকে প্ৰকাশ কৰে । উল্লেখ্য যে, উক্ত ঘটনাৰ সংঘটিত হোৱাৰ আঁৰৰ কাহিনী স্থানীয় ৰাইজৰ পৰা জানিব বিচৰাত স্থানীয় ৰাইজে প্ৰকাশ কৰে যে, কৃষ্ণ বৰদলৈৰ বোৱাৰী মুনু বৰদলৈৰ সৈতে তেওঁ দ্বিতীয় পুত্ৰ অকণ বৰদলৈৰ মাজত দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ৷ উক্ত অবৈধ প্ৰেমৰ কথা সীমান্ত শইকীয়া নামৰ যুৱকজন অৱগত হোৱা বাবেই এনে ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ।

আনহাতে মঙলবাৰে হত্যাকাৰী কৃষ্ণ বৰদলৈ, অকণ বৰদলৈ, মদন বৰদলৈক ইতিমধ্যে গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত মঙলবাৰে ঘটনাস্থলীত উপস্থিত হয় বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক । আৰক্ষী অধীক্ষক গৰাকীৰ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ সৈতে আৰু দুজন লোক জড়িত আছে । শীঘ্ৰে আন দুজন হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ৰাসথলীত প্ৰকাশ্যে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.