ETV Bharat / state

মথাউৰি ভাঙি গহপুৰ নগৰৰ সৈতে বিচ্ছিন্ন কেইবাখনো গাঁও

author img

By

Published : Jun 9, 2021, 6:27 PM IST

বিশ্বনাথ জিলাৰ বহু কেইখন গাঁও এতিয়া বানৰ কৱলত পৰা দেখিবলৈ পোৱা গৈছে । নৈৰ বাঢ়নি পানীয়ে ছিঙিছে কেইবাটাও মথাউৰি । গহপুৰৰ বঢ়মপুৰত ব্ৰহ্মাজান নৈয়ে চাৰিটাকৈ স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত বঢ়মপুৰ,কোঠাইচুক,বেকীজানকে ধৰি পাঁচখন গাঁৱৰ যোগাযোগ গহপুৰ নগৰৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে ।

gohpur flood
মথাউৰি ভাঙি গহপুৰ নগৰৰ সৈতে বিচ্ছিন্ন কেইবাখনো গাঁও

বিশ্বনাথ,৯ জুন: কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে এতিয়া ৰাজ্যবাসীৰ বাব আন এক চিন্তাৰ কাৰক হৈছে বানপানী । বাৰিষা অহাৰ লগে লগে ইতিমধ্যে বিভিন্ন স্থানত বানে ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । বিশ্বনাথ জিলাৰ বহু কেইখন গাঁও এতিয়া বানৰ কৱলত পৰা দেখিবলৈ পোৱা গৈছে । নৈৰ বাঢ়নি পানীয়ে ছিঙিছে কেইবাটাও মথাউৰি ।

জানিব পৰা মতে গহপুৰৰ বঢ়মপুৰত ব্ৰহ্মাজান নৈয়ে চাৰিটাকৈ স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত বঢ়মপুৰ,কোঠাইচুক,বেকীজানকে ধৰি পাঁচখন গাঁৱৰ যোগাযোগ গহপুৰ নগৰৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে । কৰ'ণা পৰিস্থিতিৰ মাজত এতিয়া এনেদৰে নগৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাত চিন্তিত হৈ পৰিছে ৰাইজ । সেয়ে অতি শীঘ্ৰে গাঁওবাসীক সহায়ৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে ।

লক্ষণীয়ভাৱে প্ৰতিবছৰে নৈখনে মথাউৰিবোৰ ছিঙি নিয়ে পিছত পুনৰ মেৰামতি কৰে । কিন্তু আজিলৈ স্থায়ী সমাধানৰ কথা চিন্তা কৰা নাই বিভাগীয় কতৃপক্ষই । সেয়েহে অঞ্চলবাসীৰ এই সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে ৰাইজে ।

লগতে পঢ়ক:কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ খহনীয়া(Erosion)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.