ETV Bharat / state

পুৱ ছয়দুৱাৰৰ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক নিলম্বন - পৰমানন্দ শইকীয়াক নিলম্বন

উৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশক ভেঙুচালি কৰাৰ দুঃসাহস এজন খণ্ড উন্নয়ন বিষয়াৰ । পৰমানন্দ শইকীয়া নামৰ পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ এই খণ্ড উন্নয়ন বিষয়াগৰাকীৰ বদলিৰ নিৰ্দেশ দিয়া হৈছিল । নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি তেওঁ ৰঙিয়াৰ কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া আছিল । কিন্তু আজি পৰ্যন্ত তেওঁ এই নিৰ্দেশক অৱমাননা কৰে । অৱশেষত নিলম্বন কৰা হ'ল পৰমানন্দ শইকীয়াক ।

পুৱ ছয়দুৱাৰৰ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক নিলম্বন

author img

By

Published : Mar 24, 2021, 9:49 PM IST

বিশ্বনাথ, ২৪ মাৰ্চ: বদলিৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগত নিলম্বিত হ'ল পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়া । বিগত ২৬ বছৰে উক্ত কাৰ্যালয়তে কাৰ্যনিৰ্বাহ কৰি থকা বিষয়াগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগো উত্থাপিত হৈছিল । চৰকাৰী আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে পৰমানন্দ শইকীয়াৰ বিৰুদ্ধে ।

২৪ বছৰ তেওঁ পঞ্চায়ত সম্প্ৰসাৰণ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে যোৱা দুটা বছৰ পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে । সমাগত বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগ মূৰ্হতত পৰামন্দ শইকীয়াক ৰঙিয়ালৈ বদলিৰ নিৰ্দেশ দিয়া হৈছিল অসম চৰকাৰৰ তৰফৰ পৰা । কিন্তু নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি উক্ত বদলিৰ নিৰ্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই পৰামন্দ শইকীয়াই ৰঙিয়াত যোগদান নকৰি পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডতে অকতৃত্বশীলভাৱে খণ্ড উন্নয়ন বিষয়াৰ আসন দখল কৰি থাকে ।

পুৱ ছয়দুৱাৰৰ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক নিলম্বন
পুৱ ছয়দুৱাৰৰ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়াক নিলম্বন

আনকি, তেওঁৰ স্থানত স্থলাভিষিক্ত হোৱা লখিমপুৰৰ বিডিঅ'জনকো তেওঁ দায়িত্ব এৰি নিদিলে । নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ সময়ত পৰমানন্দ শইকীয়াৰ এনেধৰণৰ মইমতালিৰ বিৰুদ্ধে যোৱা ১৮ ফ্ৰেব্ৰুৱাৰীত অসম চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত থকা নিৰ্বাচনী বিভাগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াক অভিযোগ দিয়া হয় ।

ইয়াৰ পিছতে নিৰ্বাচনী বিষয়াগৰাকীয়ে যোৱা ২২ ফ্ৰেব্ৰুৱাৰীত পৰমানন্দ শইকীয়াই বদলিৰ নিৰ্দেশ অমান্য কৰাৰ সন্দৰ্ভত ELE 71/2021/7 নং পত্ৰযোগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিবক সমগ্ৰ বিষয়টো অৱগত কৰাৰ পিছত চাকৰিৰ পৰা নিলম্বিত হ'বলগীয়া হয় পৰমানন্দ শইকীয়া ।

এই ক্ষেত্ৰত এক চৰকাৰী অধিসূচনাৰ জৰিয়তে যোৱা ১৮ মাৰ্চত তেওঁৰ বিৰুদ্ধে মঞ্জুৰ হোৱা নিলম্বনৰ নিৰ্দেশনা যোৱা ২০ মাৰ্চত আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই সংশ্লিষ্ট বিভাগ আৰু কাৰ্যালয়লৈ প্ৰেৰণ কৰে । ইয়াৰ এটা প্ৰতিলিপি পৰমানন্দ শইকীয়ালৈয়ো প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:প্ৰাৰ্থীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.