ETV Bharat / state

কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'ব: ৰিপুন বৰা

বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰাই পেলাবলৈ কংগ্ৰেছে বিভিন্ন ধৰণৰ ৰণ কৌশল হাতত লোৱা দেখা গৈছে ৷ বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই গহপুৰত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ।

কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'বঃ ৰিপুন বৰা

author img

By

Published : Feb 19, 2021, 9:48 AM IST

বিশ্বনাথ,19 ফেব্ৰুৱাৰী: ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰকৰি ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা গৈছে ৷ বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰাই পেলাবলৈ কংগ্ৰেছে বিভিন্ন ধৰণৰ ৰণ কৌশল হাতত লোৱা দেখা গৈছে ৷ বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই গহপুৰত এখন সংবাদমেল সম্বোধন কৰে ।

ইপিনে সংবাদমেলত ৰিপুন বৰাই সদৰি কৰে যে, কংগ্ৰেছে আৰম্ভণিৰ পৰাই CAA বিৰোধিতা কৰি আহিছে । লগতে দাবী কৰে যে, কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'ব । আনহাতে CAA অসমত কেতিয়াও কংগ্ৰেছে বলৱৎ হ'বলৈ নিদিয়ে বুলি উল্লেখ কৰে ৰিপুন বৰাই । সমান্তৰালকৈ কংগ্ৰেছে ৰাইজৰ ঘৰে ঘৰে গৈ ৫০ লাখ গামোচা সংগ্ৰহ কৰি CAA নামোনো লিখি প্ৰতীকি ৰূপত প্ৰতিবাদ সাৱ্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে ৷

একেদৰে শিৱসাগৰত ৰাহুল গান্ধীয়ে সম্বোধন কৰা বিশাল জনসভাত সুস্মিতা দেৱে "কা" বিৰোধী গামোচা নিপিন্ধাৰ সম্পৰ্কত ৰিপুন বৰাই কয় যে, তেওঁ ৰাজহুৱাকৈ কোৱা নাই গামোচা নলওঁ বুলি । হয়তো কিবা কাৰণত পিন্ধিবলৈ পাহৰিবও পাৰে ৷

লগতে পঢ়কঃ অসম চুক্তিৰ ৬ নং দফাকলৈ কৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.