বিশ্বনাথ, ২২ মে': আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিল বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং গাঁও পঞ্চায়তৰ প্ৰতিনিধি । দেশজুৰি বিভীষিকাৰ সৃষ্টি কৰা কাল কৰ'ণাই লৈছে ভয়াৱহ ৰূপ । মহামাৰী কৰ'ণাৰ বাবে এতিয়া সকলো বিপৰ্যস্ত হৈ পৰিছে । এই দুৰ্যোগৰ সময়তে শুকুবাৰে বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং গাঁও পঞ্চায়ত অধীনৰ ক'ভিড-১৯ত আক্ৰান্ত পৰিয়ালৰ মাজত সা-সামগ্ৰী বিতৰণ কৰে বিজেপি কৰ্মীয়ে ।
সমষ্টিটোৰ অন্তৰ্গত বিহালী মণ্ডল বিজেপি কৰ্ম-কৰ্তাৰ লগতে বিজেপি জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক দ্বিপজ্যোতি দত্তৰ উপস্থিতিত বৰগাং গাঁও পঞ্চায়ত অধীনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ।
এই কাৰ্যসূচীত সহযোগ কৰে বৰগাং গাঁও পঞ্চায়তৰ সভাপতি সুমিত বসু, বিহালী চাহ মৰ্চাৰ সভাপতি দিপক নাহেকীয়া, বিজেপি কৰ্মী অভিষেক বৰুৱা, ৰঞ্জু মিশ্ৰ, অনুপ কলিতাৰ লগতে বৰগাং গাঁও পঞ্চায়তৰ কৰ্মচাৰী অসীম বৰুৱাকে ধৰি বহু কেইজন বিজেপি কৰ্মী ।
লগতে পঢ়ক: কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?