ETV Bharat / state

বিশ্বনাথত আত্মসহায়ক গোটৰ 700 বিনামূলীয়া মাস্ক বিতৰণ

ইয়াৰ উপৰিও মাস্ক প্ৰস্তুত কৰিব নোৱাৰ বহুকেইটা আত্মসহায়ক গোটকো মাস্ক প্ৰদান কৰে উক্ত আত্মসহায়ক গোট কেইটাই ৷

Free mask distributed by Self help group at bishwanath
বিশ্বনাথত আত্মসহায়ক গোটৰ 700 বিনামূলীয়া মাস্ক বিতৰণ
author img

By

Published : Apr 19, 2020, 2:16 PM IST

বিশ্বনাথ,19 এপ্ৰিল: বিশ্বজুৰি এতিয়া আতংকৰ আন এক নাম হৈ পৰিছে কৰ'ণা ভাইৰাছ ৷ কৰ'ণাৰ সন্ত্ৰাসৰ বাবে সমগ্ৰ বিশ্বতে এতিয়া স্ববিৰ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ সকলো বাদ দি এতিয়া কেৱল নিজৰ জীৱনটো বচোৱাৰ যুঁজত অৱতীৰ্ণ হৈছে প্ৰতিজন লোক ৷ ভাৰততো 3 মে'লৈকে বৃদ্ধি কৰা হৈছে লক ডাউনৰ সময়সীমা ৷ ইয়াৰ মাজতে সমাজৰ একাংশ লোকে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে কিছু আদৰণীয় প্ৰচেষ্টাৰ লগতে আৰ্তজনৰ বাবে আগবঢ়াইছে সহায়ৰ হাত ৷

বিশ্বনাথত আত্মসহায়ক গোটৰ 700 বিনামূলীয়া মাস্ক বিতৰণ

লক ডাউনৰ সময়ছোৱাত খাদ্য সংকটৰ লগতে ছেনিটাইজাৰ তথা মাস্কৰ নাটনিয়ে দেখা দিছে জনসাধাৰণৰ মাজত ৷ কিন্তু তাৰ সমান্তৰালকৈ এই অভাৱ পূৰণ কৰিবলৈ উলাই অহা দেখা গৈছে একাংশ মহিলা আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱী সংগঠন । বিশ্বনাথত তেনে বহুলোকক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিল বিহালীৰ একাংশ আত্মসহায়ক গোট ৷ শনিবাৰে বৰালিমৰা গাওঁ পঞ্চায়ত প্ৰাংগণত 15 টাকৈ আত্মসহায়ক গোটে জনসাধাৰণৰ মাজত বিতৰণ কৰে প্ৰায় 700 মাস্ক ৷ ইয়াৰ উপৰিও মাস্ক প্ৰস্তুত কৰিব নোৱাৰ বহুকেইটা আত্মসহায়ক গোটকো মাস্ক প্ৰদান কৰে উক্ত আত্মসহায়ক গোট কেইটাই ৷

লগতে পঢ়কঃ মন্দিয়াত অংগনৱাড়ী কৰ্মীৰ লক ডাউন উলংঘণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.