ETV Bharat / state

Biswanath NH 15 : দ্ৰুত গতিত চলিছে বিশ্বনাথৰ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য - ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা

বিশ্বনাথবাসীৰ বাবে এক সুখবৰ ৷ শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷ দিন-ৰাতি একাকাৰ কৰি হাৰিয়ানাৰ ডিচিচি নামৰ কোম্পানীটোৱে কৰি গৈছে কাম (Four laning works of NH 15 continue on war footing) ৷ যাক লৈ সন্তুষ্টি লভিছে অঞ্চলবাসীয়ে ৷

Four laning works of Biswanath NH 15
শীঘ্ৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথচাৰীয়ে লাভ কৰিব এটা সুন্দৰ ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : May 1, 2023, 11:40 AM IST

Updated : May 1, 2023, 1:38 PM IST

দ্ৰুত গতিত চলিছে বিশ্বনাথৰ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য

বিশ্বনাথ, ১ মে’ : আপোনাৰ বাৰু মনত আছে নে বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা মৰণ ফান্দৰ কথা । এতিয়া আৰু সেই মৰণ ফান্দলৈ চিন্তা কৰিব নালাগে । শীঘ্ৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথচাৰীয়ে লাভ কৰিব এটা সুন্দৰ ৰাষ্ট্ৰীয় ঘাইপথ । কিয়নো ক্ষীপ্ৰতাৰে চলিছে উক্ত ঘাইপথছোৱা নিৰ্মাণৰ কাম (Four laning works of NH 15 continue on war footing) ৷ আনকি এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলাত সন্তুষ্টি লাভ কৰিছে একাংশ পথচাৰীয়েও ।

উল্লেখ্য যে, বিগত ৫ টা বছৰে এই পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাই আহিছিল পথটোৱে অহা-যোৱা কৰা পথচাৰীক । গুৰুত্বপূৰ্ণ কথাটো হ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশ্বনাথৰ পৰা গহপুৰলৈ ফ’ৰলেনযুক্ত পথছোৱা নিৰ্মাণৰ দায়িত্ব যোৱা ৫ বছৰৰ আগতেই আন এটা কোম্পানীয়ে লাভ কৰিছিল ৷ কিন্তু ২০২০ চনতে পথটোৰ নিৰ্মাণ কাৰ্যৰ সময়সীমা উকলি গ’ল । ২০১৫ চনতে পথছোৱা নিৰ্মাণ দায়িত্ব লাভ কৰা অৰুণাচলী পথ নিৰ্মাণকাৰী সংস্থা টি কে ইঞ্জিনীয়াৰিঙে পথটো সময়ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে (Four laning works of Biswanath NH 15) ৷

শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০২১ চনত পুনৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ নগৰলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ কৰিবলৈ অন্য এটা কোম্পানীক দায়িত্ব দিয়ে । প্ৰায় পাঁচ বছৰ পূৰ্বেই বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ প্ৰায় ৫৭.৫ কি:মি: পথৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল টি কে ইঞ্জিনীয়াৰিং নামৰ অৰুণাচলী কোম্পানীটোক ৷ পথটো নিৰ্মাণ বাবে ধন আৱন্টন দিয়া হৈছিল প্ৰায় ১৩০৭.০৫ কোটি টকা ৷ কিন্তু কোম্পানীটোৱে ৫ বছৰত অধিকাংশ টকা লুটপাত চলাই শেষত বিফল হ’ল পথছোৱা নিৰ্মাণত ৷

ইফালে টি কে ইঞ্জিনীয়াৰিং কনষ্ট্ৰাকচনৰ বিফলতাৰ পিচত বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে সমগ্ৰ ফ’ৰলেনযুক্ত পথছোৱা ২০২১ চনত নিৰ্মাণৰ দায়িত্ব লাভ কৰে হাৰিয়ানাৰ ডিচিচি (DCC) Dhatarwal construction company Pvt.Ltd নামৰ কোম্পানীটোৱে । তাৰ পাচৰে পৰাই ডিচিচি নামৰ কোম্পানীটোৱে ২০২১ চনৰ পৰা দ্ৰুত গতিত নিৰ্মাণ কাৰ্য চলাই যোৱা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত বিশ্বনাথবাসীৰ লগতে পথচাৰীয়েও সন্তুষ্টি লাভ কৰিছে ৷ আনকি অতি শীঘ্ৰে ৰাইজে সুন্দৰ এটা পথ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজেও ।

উল্লেখ্য যে, বিগত সময় চোৱাত বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যাবলৈ প্ৰায় ৩ ঘন্টা সময় নষ্ট হৈছিল ৷ কিন্তু এতিয়া আৰু সেই সময়ৰ পৰিৱৰ্তে মাত্ৰ ৩০ ৰ পৰা ৪৫ মিনিটত যাব পাৰিব পথচাৰীয়ে ৷

লগতে পঢ়ক : Poor road condition : পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে তিনিচুকীয়াৰ দীঘলীপথাৰবাসীক

Last Updated : May 1, 2023, 1:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.