বিশ্বনাথ, ১৫ মে’: বিহালী আৰক্ষী থানাৰ অন্তর্গত বৰগাংমৰাণ আৰু টংবাৰী গাঁৱৰ পৰা বিগত ছয়মাহৰ ভিতৰত অপহৃত হৈছে চাৰিটাকৈ শিশু ।
ইফালে, এই চাৰিটা শিশু উদ্ধাৰৰ বাবে অহৰহ চেষ্টা কৰিছিল বৰগাং মৰণা গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ লগতে বিহালী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া আৰু বিহালী আৰক্ষীৰ চক্র বিষয়া গৰাকীয়ে । শেহতীয়াকৈ, বিষয়া কেইগৰাকীৰ নেতৃত্বত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত চাৰিওটা শিশু ।
জানিব পৰা মতে, বিগত ৬ মে’ তাৰিখে বৰগাং মৰণা গাঁৱৰ গাঁওৰক্ষী বাহিনী আৰু ৰাইজে সন্দেহবশত বৰগাং মৰাণ গাঁৱৰ ইৰফান খান (২০)আৰু চুমন দাস(১৫)ক আটক কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আৰক্ষীয়ে নেৰানেপেৰা তদন্ত কৰি বিগত ১২ মে'ত মিকিৰ চাং ডফলাগড়ৰ আশিস পানিকা ওৰফে বাবু আৰু চত্রং নেপালী , অসম অৰুণাচল সীমান্তৰ গহপুৰৰ হলেঙি গেটৰ কুখ্যাত মানৱদেহ সৰবৰাহকাৰী মহিলা জোৎস্না দেউৰী(২৮) সহ তেওঁৰ স্বামী দামোদৰ দেউৰীক হলঙি গেটৰ আৰক্ষীৰ সহযোগত আটক কৰে ৷
মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰি সোধপোছ আৰম্ভ কৰাৰ পিছত আৰক্ষীৰ হেঁচাত শনিবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা শিশু কেইটা আনি শিশু সৰবৰাহকাৰী মহিলা গৰাকীৰ ঘৰত থৈ যায় চক্ৰটোৱে।
ইয়াৰ পিছতে, আৰক্ষীয়ে শিশু কেইটাক বিহালীলৈ লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই ৷ অৱশেষত, শিশুকেইটাক আদালতত হাজিৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে যে, ইৰফান খান আৰু চুমন দাসে শিশু সকলক ফুচলাই নি বাবুক গতাই দিয়ে আৰু বাবুৱে গহপুৰৰ হলঙি গেটৰ জোৎস্না দেউৰীক চমজাই দিয়ে আৰু জোৎস্নাই অৰুনাচলৰ গংগাৰ এখন দোকানত আনিয়া মালা নামৰ এগৰাকী ব্যক্তিক গতাই দিয়ে অপহৃত শিশুবোৰক। পিছত আনিয়াই বিভিন্ন জনৰ হাতলৈ এই শিশু সমূহক প্ৰেৰণ কৰে ।
জানিব পৰা মতে, এগৰাকী শিশুৰ বাবদ তেওঁলোকে ৮০হেজাৰৰ পৰা ৯০হেজাৰ টকাকৈ লাভ কৰে ৷ এই টকা উক্ত চক্ৰটোৰ সকলোৰে মাজত ভাগ হয় । বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো আৰু চক্র পৰিদর্শক ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শিশু কেইটিক উদ্ধাৰ কৰা কার্যক এতিয়া অঞ্চলটোৰ ৰাইজে শলাগ লৈছে ৷
লগতে পঢ়ক : বামুণী পাহৰত হাতীৰ মৃত্যু:এয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰিণতি নে অন্য কোনো ৰহস্য !