ETV Bharat / state

জিতেন বৰুৱাৰ মৃত্যুত বিধায়ক উৎপল বৰাৰ শোক প্ৰকাশ - জিতেন বৰুৱাৰ মৃত্যু

অবিভক্ত পূব শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিতেন বৰুৱাৰ শেষ নিশ্বাস ত্যাগ ৷ প্ৰয়াত বৰুৱাৰ মৃত্যুত বিধায়ক উৎপল বৰাৰ শোক প্ৰকাশ ৷ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত এক বৌদ্ধিক পৰিৱেশ গঢ় দি অহাৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰি অহা জিতেন বৰুৱাৰ মৃত্যুত বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ ৷

jiten baruah passed away
জিতেন বৰুৱাৰ মৃত্যুত বিধায়ক উৎপল বৰাৰ শোক প্ৰকাশ
author img

By

Published : Dec 14, 2020, 11:31 AM IST

বিশ্বনাথ, 14 ডিচেম্বৰ: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ঘাঁহিগাঁও নিবাসী সমাজকৰ্মী,সাহিত্যনুৰাগী তথা অবিভক্ত পূব শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বিজেপিৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা জিতেন বৰুৱা(62)ই দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।

বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত এক বৌদ্ধিক পৰিৱেশ গঢ় দি অহাৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰি অহা জিতেন বৰুৱাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ বৰুৱাৰ মৃত্যুত গহপুৰৰ বিধায়ক উৎপল বৰাৰ লগতে বিশ্বনাথ জিলা মহিলা মৰ্চাৰ সভানেতী লিনা শইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে ৷

সকলোৰে প্ৰিয়ভাজন প্ৰয়াত জিতেন বৰুৱা গ্ৰন্থদ্বীপ নামৰ এখন গ্ৰন্থ বিপনীৰ স্বত্বাধিকাৰী আছিল।উল্লেখ্য যে গহপুৰ সমষ্টিত বিজেপিৰ কোনো ভেটি নথকা সময়ৰ পৰাই তেওঁ দলটোৰ হৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই বিজেপিৰ পতাকা ধৰি ৰাখি দলটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আহিছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী সহ এগৰাকী জীয়ৰী আৰু বহু আত্মীয় কুটুমক ইহসংসৰাত এৰি থৈ গৈছে ৷

লগতে পঢ়ক: বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাত বিজেপি চাহ মৰ্চাৰ সমিতি গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.