ETV Bharat / state

গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা - assam news

বান শিবিৰত থকা 20 টা পৰিয়ালৰ 60 জনৰো অধিক বন্যাৰ্তক নিশাৰ আহাৰ যোগান ধৰে ৷ পৰাণ চলিহাৰ এনে মহানুভৱতাক শিবিৰত থকা বন্যাৰ্তই শলাগ লয় ৷

গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা
author img

By

Published : Jul 18, 2019, 8:23 AM IST

বিশ্বনাথ, 18 জুলাইঃ গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা ৷ শিবিৰত দিনকটোৱা বন্যাৰ্তক নিজাববীয়া প্ৰচেষ্টাৰে খাদ্য-বস্ত্ৰ প্ৰদান । গহপুৰ মহকুমাৰ বালিজান অঞ্চলৰ বিলতীয়া প্ৰাথমিক বিদ্যালয়ৰ লৌগুটি,বৰতামুলী আদি গাঁৱৰ বন্যাৰ্ত সকলে দিন ৰাতি অতিবাহিত কৰিছে । দুখ দুৰ্দশাৰ মাজেৰে চৰকাৰৰ ফালৰ পৰা পোৱা অন্ন গ্ৰহণ কৰি আছে যদিও মহানুভৱতাৰ আৰ্দশৰে এসাজ তৃপ্তিৰে বন্যাৰ্ত সকলক আহাৰ যোগান ধৰে পৰাণ চলিহা,তেখেতৰ মাতৃ লাৱন্য চলিহা,পত্নী মমতা আগৰৱালা চলিহাই ৷ বান শিবিৰত থকা 20 টা পৰিয়ালৰ 60 জনৰো অধিক বন্যাৰ্তক নিশাৰ আহাৰ যোগান ধৰে ৷ পৰাণ চলিহাৰ এনে মহানুভৱতাক শিবিৰত থকা বন্যাৰ্তই শলাগ লয় ৷

গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা

উল্লেখ্য যে, 15 জুলাইৰ নিশাও বিতীয়াৰ উদীয়মান যুৱক ৰিপুন ৰাজখোৱাই শিবিৰৰ লোক সকলক নিশাৰ আহাৰ যোগান ধৰাৰ উপৰিও স্থানীয় প্ৰতিষ্ঠিত ব্যৱসায়ী ভদ্ৰী শৰ্মা আৰু বেদান্ত বৰুৱা নামৰ যুৱকজনে ডাঠকলাৰ বন্যাৰ্ত শিবিৰৰ 70 টা পৰিয়ালক বস্ত্ৰ প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । আনহাতে, সংস্কৃতি প্ৰেমী যাদৱ চলিহাইও বিলতীয়া প্ৰাথমিক বিদ্যালয়ত শিবিৰ পাতি বাসকৰা লোকসকলক বস্ত্ৰ প্ৰদান কৰে ৷

Intro:as_biswanath_17_july_801_ghopur_relife_photo_vis_byte_scrpt_as10018Body:as_biswanath_17_july_801_ghopur_relife_photo_vis_byte_scrpt_as10018Conclusion:as_biswanath_17_july_801_ghopur_relife_photo_vis_byte_scrpt_as10018

গহপুৰত পাঁচ ব্যক্তিৰ মহানুভৱতা/শিবিৰত দিনকটোৱা বন্যাৰ্তক নিজাববীয়া প্ৰচেষ্টাৰে খাদ্য-বস্ত্ৰ প্ৰদান।

ৰাজ্যৰ সৰ্বত্ৰে এতিয়া লুইতৰ বলিয়া বানে সকলো ৰাইজকে দিশহাৰা কৰি এক তথৈবচ অৱস্থাৰ সৃষ্টি কৰিছে যাৰ পৰিপেক্ষিতত এতিয়া জলমগ্ন অঞ্চলৰ বিভিন্ন বন্যাৰ্ত আহি শিবিৰ সমূহত দিন ৰাতি অতিবাহিত কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে। গহপুৰ মহকুমাৰ বালিজান অঞ্চলৰ বিলতীয়া প্ৰাথমিক বিদ্যালয়তো লৌগুটি,বৰতামুলী আদি গাঁৱৰ বন্যাৰ্ত সকলে দিন ৰাতি অতিবাহিত কৰিছে। দুখ দুৰ্দশাৰ মাজেৰে চৰকাৰৰ ফালৰ পৰা পোৱা চাউল,দালি মুঠিৰে বন্যাৰ্ত সকলে অন্ন গ্ৰহন কৰি আছে যদিও মহানুভৱতাৰ আৰ্দশৰে এসাজ তৃপ্তিৰে বন্যাৰ্ত সকলক আহাৰ যোগান ধৰাৰ মন মেলি বিলতীয়া গাঁৱৰ হৃদয়বান ব্যক্তি পৰাণ চলিহা আৰু তেখেতৰ মাতৃ লাৱন্য চলিহা,পত্নী মমতা আগৰৱালা চলিহাৰ সহিতে যোৱা ৰাতি প্ৰায় ২০ টা পৰিয়ালৰ ৬০ জনৰো অধিক বন্যাৰ্তক নিশাৰ আহাৰ পৰাণ চলিহাই সুন্দৰ ব্যৱস্থাপনাৰে যোগান ধৰে। পৰাণ চলিহাৰ এনে মহানুভৱতাক শিবিৰত থকা লোক সকলে শলাগ লোৱাৰ লগতে তেখেতক আৰু তেখেতৰ পৰিয়ালক বন্যাৰ্ত সকলৰ দুখৰ সমভাগী হৈ সংকটৰ সময়ত এসাজ আহাৰৰ যোগাৰ কৰি ভোজনৰ ব্যৱস্থা প্ৰদান কৰাৰ বাবে অন্তৰৰ পৰা আৰ্শীবাদ প্ৰদান কৰে।উল্লেখ্য যে ১৫ জুলাইৰ নিশাও বিতীয়াৰ উদীয়মান যুৱক ৰিপুন ৰাজখোৱা(ধ্ৰুৱ)ই উক্ত শিবিৰৰ লোক সকলক নিশাৰ আহাৰ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।দুয়ো গৰাকী ব্যক্তিৰ এনে মানৱ দৰদী কাৰ্যক ভূয়সী প্ৰশংসা কৰে।আনহাতে প্ৰতিষ্ঠিত ব্যৱসায়ী ভদ্ৰী শৰ্মা আৰু হৃদয়বান যুৱক বেদান্ত(কৃষ্ণ) বৰুৱাইও ডাঠকলাৰ বন্যাৰ্ত শিবিৰৰ ৭০ টা পৰিয়ালক বস্ত্ৰ প্ৰদান কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।সংস্কৃতি প্ৰেমী যাদৱ চলিহাইও বিলতীয়া প্ৰাথমিক বিদ্যালয়ত শিবিৰ পাতি বাসকৰা লোকসকলক বস্ত্ৰ প্ৰদান কৰি এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.