ETV Bharat / state

এজাক বৰষুণতে পুখুৰীলৈ ৰূপান্তৰিত বিশ্বনাথৰ পথ - বিশ্বনাথৰ মোনাবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো পুখুৰীলৈ পৰিৱৰ্তিত

মুষলধাৰ বৰষুণৰ ফলত বিশ্বনাথৰ মোনাবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো পুখুৰীলৈ পৰিৱৰ্তিত হোৱা হেতুকে শংকিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন ৷ অতি শীঘ্ৰেই এই ফ’ৰলেন যুক্ত পথটো মেৰামতিৰ দাবী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমল জিৎ দত্তই ৷

পুখুৰীলৈ ৰূপান্তৰিত বিশ্বনাথৰ পথ
পুখুৰীলৈ ৰূপান্তৰিত বিশ্বনাথৰ পথ
author img

By

Published : May 26, 2020, 8:40 PM IST

বিশ্বনাথ, 26 মে’: এজাক বৰষুণতে পুখুৰী সদৃশ এটা ৰাষ্ট্ৰীয় ঘাইপথ । বিশ্বনাথৰ মোনাবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো এজাক বৰষুণৰ ফলতে পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰে । পুখুৰী সদৃশ হোৱা বাবে পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা পথটো ফ’ৰলেন যুক্ত পথ হিচাপে নিৰ্মাণ হৈ থকাৰ বাবে পথটো অধিক বেয়া অৱস্থালৈ ৰূপান্তৰিত হৈছে বুলি অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমল জিৎ দত্তই ৷ তেওঁৰ অভিযোগ অনুসৰি, অৰুণাচল টি.কে. নামৰ ফ’ৰলেন যুক্ত পথটোৰ নিৰ্মাণ সংস্থাই পথটো লেহেমীয়া গতিত নিৰ্মাণ কৰাৰ ফলতেই এই পথটো দিনে দিনে অধিক বেয়াৰ ফালে ঢাল খাইছে ৷

পুখুৰীলৈ ৰূপান্তৰিত বিশ্বনাথৰ পথ

লগতে তেওঁ কয় যে, টি.কে. ইঞ্জিনীয়াৰিং নামৰ পথ নিৰ্মাণ সংস্থাটোৰ লেহেমীয়া গতিৰ বিৰুদ্ধে বহুবাৰ বিশ্বনাথ জিলা উপায়ুক্ত অভিযোগ দিয়া হৈছে যদিও জিলা উপায়ুক্তগৰাকীয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বাৰিষাৰ পূৰ্বেই পথটো মেৰামতি নকৰিলে পথ নিৰ্মাণ সংস্থাটোৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়ক: নিকাচিত এখন ভঙা দলঙে জীয়াতু ভুগাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.