ETV Bharat / state

অভিশপ্ত শনিবাৰ : বিহুদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীৰ মৃত্যু

author img

By

Published : Apr 17, 2022, 10:32 AM IST

Updated : Apr 17, 2022, 12:43 PM IST

গহপুৰত বিহুদলৰ বাহন দুৰ্ঘটনা(Road accident at Gohpur) ত পতিত ৷ থিতাতে নিহত দলটোৰ পাঁচগৰাকীকৈ সদস্য(Five persons of a Bihu team died in a road accident) ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বাহনখনে তীব্ৰবেগত আহি আছিল ৷ যাৰ ফলত এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ ৷

five-persons-of-a-bihu-team-died-in-a-road-accident-at-gohpur
বিহুদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীৰ মৃত্যু

বিশ্বনাথ, 17 এপ্ৰিল : শনিবাৰৰ মাজনিশা সংঘটিত এটি পথ দুৰ্ঘটনা(Road accident at Gohpur) ই প্ৰাণ কাঢ়িলে 5 গৰাকীকৈ বিহুৱা যুৱক-যুৱতীৰ ৷ গহপুৰৰ টকৌবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷

জানিব পৰা মতে, গহপুৰৰ এটি বিহু হুঁচৰি দলে শনিবাৰৰ নিশা অনুষ্ঠান পৰিৱেশন কৰি ঘৰলৈ বুলি টকৌবাৰীৰ পৰা ৰঙাজানলৈ যাত্ৰা কৰিছিল ৷ কিন্তু ৰঙাজানৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে ৰৈ আছিল কাল ৷ দলটোৱে হয়তো এয়া অনুমানেই কৰিব পৰা নাছিল ৷ যাৰ ফলত 20 জনীয়া বিহুৱা দলটোক কঢ়িয়াই অনা AS 25 DC 7418 নম্বৰৰ বলেৰ’ পিকআপ ভানখন দুৰ্ঘটনাত পতিত হয় ৷

মূহুৰ্ততে প্ৰাণ হেৰুৱাই সম্ভাৱনাপূৰ্ণ পাঁচগৰাকীকৈ যুৱক-যুৱতীয়ে(Five persons of a Bihu team died in a road accident) ৷ বিহু দলটোৰ নিহত পাঁচগৰাকী সদস্য হৈছে ক্ৰমে- ৰাধিকা দৈমাৰী, বুদ্ধিমতী বড়ো, বৰ্ণালী বড়ো, সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বাহনখনে তীব্ৰবেগত আহি আছিল ৷ যাৰ ফলত এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ দলটোৰ বাকীসকল সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ উল্লেখ্য যে, দলটোৰ আটাইকেইজনৰে ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি বিহালী প্ৰাথমিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইফালে ঘটনাটো সংঘটিত হোৱাৰ পিছত বাহনখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

উল্লেখ্য যে, ইতিমধ্যে এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি আহত আৰু নিহতৰ পৰিয়ালবৰ্গক সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ বিশ্বনাথ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে ৷

বিগত বৰ্ষতো নাৰায়ণপুৰৰ শিমলুগুৰিৰ সমীপৰ চেঁচা দলঙতো একেধৰণে বিহু দলৰ বাহন দুৰ্ঘটনাত পতিত হৈ তিনিজন সদস্যই প্ৰাণ হেৰুৱাইছিল ৷ বিপৰীতে প্ৰায় 35 জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল ৷

লগতে চাওক: Road accident in Goalpara : ডেকধোৱাত পথ দুৰ্ঘটনাত নিহত দুজন

Last Updated : Apr 17, 2022, 12:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.