ETV Bharat / state

বিশ্বনাথ, বিহালী সমষ্টিত মনোনয়ন পত্ৰ দাখিল দুই বিজেপি প্ৰাৰ্থীৰ

সোমবাৰে বিশ্বনাথ আৰু বিহালী সমষ্টিত মনোনয়ন পত্ৰ দাখিল প্ৰমোদ বৰঠাকুৰ আৰু ৰঞ্জিত দত্তৰ ৷ বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী দুগৰাকীয়ে ৷

author img

By

Published : Mar 8, 2021, 5:50 PM IST

filing-nomination-papers
মনোনয়ন পত্ৰ দাখিল

বিশ্বনাথ,8 মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ সোমবাৰে বিশ্বনাথ আৰু বিহালী সমষ্টিতো দাখিল কৰা হৈছে মনোনয়ন পত্ৰ ৷ 76 নং বিশ্বনাথ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ আৰু 77 নং বিহালী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে নিজ নিজ মনোনয়ন পত্ৰ ৷

মনোনয়ন পত্ৰ দাখিল

77 নং বিহালী বিধানসভা সমষ্টিৰ প্ৰায় 15 হাজাৰৰো অধিক সমৰ্থকক লৈ বিহালী সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তই বাইক আৰু গাড়ী লৈ উপস্থিত হয় কমলাকান্ত ক্ষেত্ৰত । ইফালে এই ক্ষেত্ৰত উপস্থিত হয় বিশ্বনাথৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰো । দুয়োগৰাকীয়ে কমলাকান্ত ক্ষেত্ৰৰ পৰা বিশাল পদযাত্ৰাৰে উপস্থিত হয় বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ত ।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস । মনোনয়ন পত্ৰ প্ৰদান কৰি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই কয় যে, "এইবাৰ বিহালীত কংগ্ৰেছ শূণ্য ৷ বিগত বছৰত 52 হাজাৰৰো অধিক ভোট দি ৰাইজে মোক বিধানসভালৈ পঠাইছিল আৰু এইবাৰো 70 হাজাৰৰো অধিক ভোটেৰে মোক জয়যুক্ত কৰিব ৷"

আনহাতে, জিলাখনৰ আটাইকেইখন আসন বিজেপিয়ে দখল কৰিব বুলি তেওঁ প্ৰকাশ কৰে । ইফালে গহপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ এই সন্দৰ্ভত বিজেপি বিধায়ক উৎপল বৰাই কয় যে, এইবাৰ গহপুৰত নিৰ্বাচন কঠিন হ’ব যদিও বিজেপিয়ে জয়লাভ কৰিব ।

লগতে পঢ়ক : মনোনয়ন পত্ৰ দাখিল কৰিলে সঞ্জয় কিষান, সুৰেন ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.