ETV Bharat / state

Ex ULFA member dismissed from job: জাননী অবিহনেই চাকৰিৰ পৰা ছাটাই এগৰাকী আত্মসমৰ্পণকাৰী আলফাক - মা কামাখ্যা চাহ উদ্যোগ

বিশ্বনাথৰ মা কামাখ্যা চাহ উদ্যোগৰ মালিক মনোজ আগৰৱালাৰ বিৰূদ্ধে শ্ৰমিক শোষণৰ অভিযোগ ৷ বিভিন্ন চক্ৰান্তৰে চাহ উদ্যোগটোৰ প্ৰায় ১৪ জন থলুৱা শ্ৰমিক-কৰ্মচাৰীক চাকৰিৰ পৰা খেদাৰো অভিযোগ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ৷

Ex ULFA member dismiss from job
প্ৰাক্তন আলফা সদস্য বাবুল কোঁৱৰৰ পৰিয়াল
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 7:45 PM IST

প্ৰাক্তন আলফা সদস্য বাবুল কোঁৱৰৰ পৰিবাৰ

বিশ্বনাথ, ২৭ ছেপ্টেম্বৰ: বিশ্বনাথৰ গহপুৰ সমষ্টিৰ টকৌবাৰীস্থিত "মা কামাখ্যা চাহ উদ্যোগ"ৰ স্বত্বাধিকাৰী মনোজ আগৰৱালাৰ বিৰুদ্ধে শ্ৰমিকক শোষণ চলাই অহাই অভিযোগ উত্থাপিত হৈছে ৷ স্বত্বাধিকাৰী মনোজ আগৰৱালাই "লেৱাৰ ৱেজ এক্ট" ভংগ কৰি থলুৱা শ্ৰমিকক কৰ্মত নিয়োজিত কৰাৰ লগতে তেওঁলোকৰ ওপৰত অভব্য আচৰণ কৰি অহাৰ অভিযোগ কৰিছে উদ্যোগটোৰ শ্ৰমিকে । তেওঁ ইমানতেই ক্ষান্ত নাথাকি বিভিন্ন চক্ৰান্তৰে প্ৰায় ১৪ জন থলুৱা শ্ৰমিক-কৰ্মচাৰীক চাকৰিৰ পৰা খেদাৰো অভিযোগ কৰিছে মা কামাখ্যা চাহ উদ্যোগৰ শ্ৰমিকে ৷

শেহতীয়াকৈ ব্যৱসায়ী মনোজ আগৰৱালাৰ চক্ৰান্তৰ বলি হৈছে এজন প্ৰাক্তন আলফা সদস্য বাবুল কোঁৱৰ ৷ বাবুল কোঁৱৰে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়চোৱাত স্বাধীন অসম নিৰ্মাণৰ স্বপ্ন বিভোৰ হৈ ৮০ দশকৰ মধ্যভাগত আলফাত যোগ দিছিল ৷ পৰৱৰ্তী সময়ত অস্ত্ৰ ত্যাগ কৰি মুলসূঁতিলৈ ঘূৰি আহি সাংসাৰিক জীৱনৰ পাতনি মেলে বাবুল কোঁৱৰে ৷

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মুলসুঁতিলৈ উভতি অহা বাবুল কোঁৱৰে চৰকাৰে প্ৰাক্তন আলফা সৈনিকৰ প্ৰতি আগবঢ়োৱা ২ লাখ টকাৰ ৰাজসাহাৰ্য গ্ৰহণ নকৰি স্বাভাৱিক জীৱন আৰম্ভ কৰে ৷ নিজৰ পৈতৃক মাটি কেইডৰাতে খেতি-বাতি কৰি জীৱন-নিৰ্বাহ কৰি আহিছিল বাবুল কোঁৱৰে ৷ কিন্তু সংসাৰৰ দায়িত্ব বৃদ্ধি পোৱাত আৰু পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ বাবে ২০২২ চনৰ ১ জুলাইত মা কামাখ্যা চাহ উদ্যোগত গেট কিপাৰ হিচাপে চাকৰিত যোগদান কৰে ৷

কিন্তু হঠাৎ ১ জুলাই মাহত মালিক পক্ষই কোনো কাৰণ নিদিয়াকৈ তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ যাৰ বাবে এতিয়া পৰিয়াল পোহপাল দিয়াক লৈ চিন্তা কৰি মূৰে-কপালে হাত দিবলগাত পৰিছে প্ৰাক্তন আলফা সদস্যগৰাকী ৷ বিশেষকৈ মৰিগাওঁৰ পলিটেনিক্ ইঞ্জিনীয়াৰিং কলেজত ইঞ্জিনীয়াৰিং বিভাগৰ অন্তিম বৰ্ষৰ ছাত্ৰ হিচাপে অধ্যয়নৰত পুত্ৰ অধ্যয়নৰ ব্যয়ৰ কথা চিন্তা কৰি তেওঁ বিপাঙত পৰিছে ৷

চাহ উদ্যোগটোত কৰ্মৰত থলুৱা শ্ৰমিক-কৰ্মচাৰীৰ লগত অভব্য আচৰণ কৰি ইতিমধ্যে প্ৰায় ১৪ গৰাকী শ্ৰমিক-কৰ্মচাৰীক তেওঁ চাকৰিৰ পৰা বহিস্কাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে উদ্যোগটোত কৰ্মৰত অৱস্থাত বাবুল কোঁৱৰক কুকুৰে কামুৰিছিল যদিও চাহ উদ্যোগটোৰ স্বত্বাধিকাৰীয়ে চিকিৎসা কৰাৰ দূৰৈৰ কথা, সৌজন্যমূলকভাৱে তেওঁৰ খা-খবৰ নোলোৱাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক: World Tourism Day 2023: ধোঁৱা চাঙত পৰ্যটনস্থলী উন্নয়নৰ আঁচনি ! বিড়ম্বনা আখ্যা কলিয়াবৰবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.