ETV Bharat / state

ইলেকশ্যন কৰ্ণাৰ কাম হেল্প ডেস্ক উদ্বোধন

author img

By

Published : Feb 27, 2021, 1:48 PM IST

বিশ্বনাথ প্ৰশাসনে অনাগত দিনবোৰত হাতত লৈছে নিৰ্বাচনকেন্দ্ৰিক বিভিন্ন সজাগতা অভিযান । নিৰ্বাচনত ভোটাৰ ৰাইজে যাতে ভোটদান প্ৰক্ৰিয়াত সবলভাৱে অংশগ্ৰহণ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে 'ইলেকশ্যন কৰ্ণাৰ কাম হেল্প ডেস্ক' উদ্বোধন কৰে ।

'ইলেকশ্যন কৰ্নাৰ কাম হেল্পডেস্ক' উদ্বোধন বিশ্বনাথ প্ৰশাসনৰ
ইলেকশ্যন কৰ্ণাৰ কাম হেল্প ডেস্ক

বিশ্বনাথ,২৭ ফ্ৰেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচনত ভোটাৰ ৰাইজে যাতে ভোটদান প্ৰক্ৰিয়াত সবলভাৱে অংশগ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে । জনগণৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সজাগতা সৃষ্টি কৰাৰ লগতে জন সাধাৰণ উৎসাহিত হৈ ভোটদান প্ৰক্ৰিয়াৰ লগত যাতে সবলভাৱে জড়িত হয়, এয়া হৈছে কাৰ্যসূচীৰ মূল উদ্দেশ্য । শুকুৰবাৰে প্ৰথমটো কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাই ।

পুৱা ১১ বজাত উপায়ুক্তগৰাকীয়ে নিজ কাৰ্যালয়ত এটা 'ইলেকশ্যন কৰ্ণাৰ কাম হেল্প ডেস্ক' উদ্বোধন কৰে । এই 'হেল্প ডেস্ক'ৰ যোগেদি জন সাধাৰণে নিৰ্বাচন সম্পৰ্কীয় যিকোনো তথ্য আৰু সহায় লাভ কৰিব পাৰিব । লগতে উপায়ুক্তগৰাকীয়ে ৬ জন বিশিষ্ট ভোটদাতাক এই অনুষ্ঠানত সম্বৰ্ধনা জনাই নিজৰ স্বাক্ষৰ প্ৰদানৰ লগতে এটি চমু বাৰ্তা প্ৰেৰণ কৰি নিৰ্বাচনী স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ কৰে । অনাগত দিনবোৰত বহুকেইটা নিৰ্বাচনকেন্দ্ৰিক সজাগতামূলক কাৰ্যসূচী জিলা প্ৰশাসনৰ তৰফৰ পৰা লোৱা হ'ব বুলি উপায়ুক্তগৰাকীয়ে সদৰী কৰে । এই অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত তথা তথ্য আৰু জনসংযোগ বিষয়া আৰু উপায়ুক্ত কাৰ্যালয়ৰ আন আন বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: কৰিমগঞ্জত কেইবাটাও প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.