ETV Bharat / state

Drugs peddlers arrest : বিশ্বনাথত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Jun 2, 2023, 3:41 PM IST

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Operation against drugs)। ইটাখোলাত প্ৰায় ১৪ গ্ৰাম ড্ৰাগছ জব্দ । দুই সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Drugs peddlers arrest
বিশ্বনাথত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
বিশ্বনাথত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

বিশ্বনাথ, ২ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত পুনৰ সক্ৰিয় হৈছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ । ইয়াৰ মাজতে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন স্থানত অভিযান তীব্ৰতৰ কৰি তুলিছে । তেনে এক অভিযানৰ মাজতে বিশ্বনাথত জব্দ প্ৰায় ১৪ গ্ৰাম ওজনৰ ড্ৰাগছ (Drugs seized in Biswanath)। দুটা ড্ৰাগছ সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

বিশ্বনাথৰ চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা দৈনিক বজাৰত বৃস্পতিবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত ড্ৰাগছসহ সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে দৈনিক বজাৰত অভিযান চলাইছিল । অভিযানত শোণিতপুৰ জিলাৰ খনামুখৰ কেকুকলি গাঁৱৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে বাবুল আলী আৰু ৰফিকুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Drugs peddler arrested in Biswanath)।

সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে AS-12-AF-3158 নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে । লগতে দুয়োৰে পৰা প্ৰায় ১৪ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰে । আৰক্ষী সূত্ৰই জনোৱা মতে সৰবৰাহকাৰী কেইটাই ড্ৰাগছখিনি দৈনিক বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যেৰে আনিছিল (Drugs smuggling in Biswanath)। সেই সময়তে আৰক্ষীয়ে অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে সচেতন ৰাইজে ইটাখোলা আৰক্ষীৰ এই পদক্ষেপত আদৰণি জনাইছে ।

উল্লেখ্য যে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তবৰ্তী ইটাখোলা অঞ্চলৰ পৰা অৰুণাচলৰ চিজুছালৈ সৰবৰাহৰ উদ্দেশ্যেৰে ড্ৰাগছখিনি আনিছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বেও উক্ত দৈনিক বজাৰখনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল । কিন্তু ইয়াৰ পাছতো অঞ্চলটোত সক্ৰিয় হৈ আছে ড্ৰাগছ ব্যৱসায়ী চক্ৰ । বহু স্থানত ড্ৰাগছৰ মুকলি বেহা আৰম্ভ হৈছে । যাৰ বাবে অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক :Banned polythene smuggling: নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া বেহা; জব্দ পলিথিন ভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.