ETV Bharat / state

Illegal liquor trade: বিশ্বনাথত সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান

author img

By

Published : Oct 13, 2022, 10:12 AM IST

অবৈধ চুলাই মদৰ বিৰুদ্ধে বিশ্বনাথ মহকুমা আৱকাৰী বিভাগ আৰু বিহালী আৰক্ষীৰ অভিযান ৷ অভিযান কালত আৱকাৰী বিভাগ আৰু বিহালী আৰক্ষীৰ যুটীয়া দলটোৱে জব্দ কৰা প্ৰায় ১৫০০ লিটাৰ চুলাই মদৰ লগতে ব্যৱসায়টোৰ লগত জড়িত বিভিন্ন সা-সামগ্ৰী নষ্ট কৰে (Behali police seized illegal liquor )।

Drive against illegal trade in liquor in Biswanath
বিশ্বনাথত সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান

বিশ্বনাথ, ১২ অক্টোবৰ: ৰাজ্যৰ চাহ জনগোষ্ঠীয় এলেকা সমূহত বিষাক্ত চুলাই পান কৰি বিগত বৰ্ষত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু ঘটিছে ৷ ইয়াৰ পাছতো বিভিন্ন চাহ বাগানকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত চোৰাংকৈ অব্যাহত আছে চুলাই মদৰ বেহা ৷ তাৰোপৰি অবৈধভাৱে বিলাতি মদৰ বেহাখনো চলাই গৈছে অসাধু চক্ৰই ৷

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত চলি থকা চুলাই মদ তথা বিলাতি মদৰ অবৈধ বেহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশনা দিয়াৰ পাছত পূৰ্বতকৈ অধিক কঠোৰ হৈ ৰাজ্যজুৰি সুৰা বিৰোধী অভিযান চলাই গৈছে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে । কিন্তু ইয়াৰ পিছতো হ্ৰাস পোৱা নাই সুৰাৰ এই অবৈধ ব্যৱসায় ৷

শেহতীয়াকৈ উত্তৰ অসম বিশেষকৈ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই মুকলিকৈয়ে চলাই গৈছে সুৰাৰ ব্যৱসায় (Illegal liquor trade in Bishwanath) ৷ এই অঞ্চলসমূহত চুলাই মদৰ বাহিৰেও অবৈধভাৱে সৰবৰাহ কৰা অৰুণাচলী সুৰাৰ এখন বৃহৎ বজাৰ দেখিবলৈ পোৱা পৰিলক্ষিত হৈ আহিছে ৷ বিভিন্ন সময়ত এই সুৰা পান কৰি বহু লোকে মৃত্যুকো আঁকোৱালি ল’ব লগা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি বিহালী সমষ্টিত অৰ্থাৎ বিশ্বনাথ জিলা পৰিষদৰ অধীনত থকা বৰগাং দেওবাৰীয়া সাপ্তাহিক বজাৰ, বিহমাৰী সাপ্তাহিক বজাৰৰ লগতে গহপুৰ দেওবৰীয়া সাপ্তাহিক বজাৰত দীৰ্ঘদিনৰে পৰা অবৈধভাৱে চুলাই মদ মুকলিকৈ বিক্ৰী হৈ আহিছে ৷ এই তথ্যৰ ভিত্তিতে বুধবাৰে বিশ্বনাথ মহকুমা আৱকাৰী বিভাগ আৰু বিহালী আৰক্ষীয়ে বেদেতীৰ বুধবৰীয়া সাপ্তাহিক বজাৰত অবৈধ চুলাই মদ আৰু এই ব্যৱসায়ৰ লগত জড়িত অসাধু চক্ৰটোৰ বিৰুদ্ধে চলালে অভিযান (Drive against illegal trade in liquor in Biswanath) ৷

অভিযানকালত আৱকাৰী বিভাগ আৰু বিহালী আৰক্ষীৰ যুটীয়া দলটোৱে জব্দ কৰা প্ৰায় ১৫০০ লিটাৰ চুলাই মদৰ লগতে ব্যৱসায়টোৰ লগত জড়িত বিভিন্ন সা-সামগ্ৰী নষ্ট কৰে (Behali police seized illegal liquor )। বিশ্বনাথ মহকুমা আৱকাৰী উপ অধীক্ষক দ্বীপেন বৰা আৰু চতিয়া চাৰ্কোলৰ পৰিদৰ্শকৰ নেতৃত্বত চলা এই অভিযান পূৰ্বলৈকো এইধৰনেই অব্যাহত থাকিব বুলি জনালে অভিযানকাৰী দলটোৱে (Illegal liquor destroyed in Behali)৷

কিন্তু প্ৰশ্ন হয়, আৱকাৰী বিভাগকে ধৰি আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই অবৈধভাৱে চলি থকা এইসমূহ ব্যৱসায় উৎখাত কৰি অহাৰ পাছতো কি ধৰণে পুনৰ ঠন ধৰি উঠিব পাৰে এই অবৈধ ব্যৱসায়ে ? নে ইয়াৰ আঁৰত আছে কোনো অদৃশ্য শক্তিৰ ছায়া ?

ইফালে বিশ্বনাথ জিলা পৰিষদৰ অধীনৰ বৰগাং দেওবাৰীয়া সাপ্তাহিক বজাৰ, বিহমাৰী সাপ্তাহিক বজাৰকে ধৰি গহপুৰ দেওবৰীয়া সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি অবৈধ ভাৱে চুলাই বিক্ৰী হৈ থকা কাৰ্যৰ বিৰুদ্ধে মহকুমা আৱকাৰী বিভাগ আৰু জিলা আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন লোকে ।

লগতে পঢ়ক: Raid against illegal iquor: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.