ETV Bharat / state

ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

author img

By

Published : Jun 10, 2021, 3:33 PM IST

হোজাইৰ উদালিত এজন কৰ'ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাঃ সেউজ সেনাপতিসহ এগৰাকী স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিশ্বনাথত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ বুধবাৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিলে বাগিচাখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক ৷

Doctor's Interest Case at biswanath
ৰাজ্যত পুনৰ চিকিৎসকক আক্ৰমণ

বিশ্বনাথ,১০ জুন: ৰাজ্যত সঘনাই সংঘটিত হৈ আহিছে এটাৰ পাচত আন এটা চিকিৎসক নিগ্ৰহৰ ঘটনা ৷ 2019 চনৰ 31 আগষ্টত যোৰহাটৰ টীয়ক চাহ বাগিচাত একাংশ উন্মদ লোকৰ আক্ৰমণৰ বলি হৈ অতি কৰুণভাৱে বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তই মৃত্যুক সাৱতি লৈছিল ৷ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসকজনক প্ৰহাৰ কৰিছিল একাংশ লোকে ৷ তাৰ পাচৰে পৰা প্ৰায়ে ৰাজ্যত সংঘটিত হৈ আহিছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ এইবেলিও হোজাইৰ উদালিত এজন কৰ'ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাঃ সেউজ সেনাপতিসহ এগৰাকী স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিশ্বনাথত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ বুধবাৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিলে বাগিচাখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক ৷

ঘটনা অনুসৰি, ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতি-নিয়ম অনুসৰি দিনৰ বাৰ বজাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগে ৷ কিন্তু বাগিচাখনৰ একাংশ লোকে প্ৰশাসনৰ নিয়ম নামানি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা ৰাখিছিল ৷ তাৰ পাচতে বাগিচা কৰ্তৃপক্ষই দোকান-পোহাৰ সকলো বন্ধ কৰাৰ নিৰ্দেশ দিয়াত বাগিছা খনৰ একাংশ লোকে চিকিৎসক গৰাকীৰ নিৰ্দেশত বন্ধ কৰাৰ সন্দেহত চিকিৎসক গৰাকীক প্ৰহাৰ কৰে ৷ অৱশ্যে চিকিৎসক গৰাকীৰ ঘৰত কৰ্মৰত কৰ্মচাৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক গৰাকীৰ ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত চিকিৎসকগৰাকীয়ে বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক: ন্যায়িক জিম্মালৈ প্ৰেৰণ উদালি কাণ্ডৰ ৯ অভিযুক্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.