বিশ্বনাথ, 7 আগষ্ট : পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে বিশ্বনাথত অনুষ্ঠিত হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক ৷ সমগ্ৰ জিলাখনত পথ সুৰক্ষা উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ বাবে যাত্ৰা মসৃণ কৰাৰ উদ্দেশ্যৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এই বৈঠক ৷
বৈঠকত অধ্যক্ষতা কৰি বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰে পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত ফ’ৰলেনৰ কাম ত্বৰান্বিত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন(NHIDCL) নিগমক নিৰ্দেশনা জাৰি কৰে ৷ NHAIDCL ৰ প্ৰতিনিধিসকলক অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত জামুগুৰি-বিশ্বনাথ চাৰিআলি পথছোৱাত ফ’ৰলেন নিৰ্মাণৰ সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷
![District Road Safety Committee meeting in Bishwanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-6-aug-dc-offiec-meetig-photo-scrpt-as10018_06082021183459_0608f_1628255099_54.jpg)
অতিৰিক্ত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে, যদিও এই পথচোৱাৰ কাম কম-বেছি পৰিমাণে সম্পূৰ্ণ হৈছে, তথাপি কাম বাকী থকা অংশত যাত্ৰীসকলৰ বাবে ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ৷ সেয়েহে দুমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ NHAIDCL এ অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিব লাগিব ৷
লগতে পঢ়কঃ পথ নিৰ্মাণৰ নামত পুৰণিগুদামত ঠিকাদাৰৰ মইমতালি
বিষয়াগৰাকীয়ে NHAIDCL ক পথ সুৰক্ষা বৃদ্ধিৰ বাবে কাম সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ পথছোৱাত সঠিক পথ নিৰ্দেশনা দিবলৈও নিৰ্দেশ দিয়ে ৷ আনহাতে, বিশ্বনাথ চাৰিআলি-গহপুৰ পথচোৱাৰ সন্দৰ্ভত তালুকদাৰে কামৰ লেহেম গতিৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে ৷ তেখেতে এনএইচআইডিচিএলক ঠিকাদাৰ সম্পৰ্কীয় সকলো সমস্যা অতি সোনকালে সমাধান কৰিবলৈ কয় যাতে কামৰ গতি ত্বৰান্বিত কৰিব পৰা যায় ৷
তদুপৰি জিলা পৰিবহণ বিষয়া উমেশ চন্দ্ৰ শৰ্মাক জিলাখনত দুৰ্ঘটনা অনুসন্ধানকাৰী দল (চিআইটি) গঠনৰ সন্দৰ্ভত সকলো আনুষ্ঠানিকতা 10 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ এই দলসমূহক জিলাখনত মাৰাত্মক দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰাৰ দায়িত্ব অৰ্পণ কৰা হ'ব ৷ যাতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পুনৰাই দুৰ্ঘটনা হোৱাটো প্ৰতিহত কৰিব পৰা যায় ৷
লগতে পঢ়কঃ উৎপাদনত বৰ্ধিত ব্যয় : জীয়াই থকাৰ বাবে সংগ্ৰাম ৰাজ্যৰ চাহ উদ্যোগৰ
তালুকদাৰে বৈঠকত বিশ্বনাথ চাৰিআলি চহৰৰ সকলো পথ নিৰ্মাণ আৰু উন্নয়ন সম্পৰ্কীয় কামৰ অগ্ৰগতিৰ বুজ লয় আৰু লোক নিৰ্মাণ বিভাগক 15 দিনৰ ভিতৰত সকলো পেভাৰ ব্লক স্থাপনৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷ বৈঠকৰ আৰম্ভণিতে জিলা পৰিবহণ বিষয়াই পূৰ্বৱৰ্তী জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় প্ৰতিবেদন সভাত দাঙি ধৰে ৷