ETV Bharat / state

বিহালী সংৰক্ষিত বনাঞ্চল সংৰক্ষণ-সংৱৰ্দ্ধন আৰু বৃক্ষৰোপণ শীৰ্ষক আলোচনা - বনমন্ত্ৰীৰ লগত আলোচনা

বিহালীৰ সংৰক্ষিত বনাঞ্চল সংৰক্ষণ-সংৱৰ্দ্ধন আৰু বৃক্ষৰোপণ শীৰ্ষক আলোচনা ৷ বিধায়ক ৰঞ্জিৎ দত্তৰ উদ্যোগত বিহালী উন্নয়ন খণ্ডৰ অতিথিশালাত বন বিষয়া,প্ৰকৃতিপ্ৰেমী সংগঠন, সাংবাদিক, জনপ্ৰতিনিধি, জিলা বিষয়াৰে আলোচনা ৷

discussion-on-conservation-of-protected-forests-and-plantation-of-bihali
বিহালী সংৰক্ষিত বনাঞ্চল সংৰক্ষণ-সংৱৰ্দ্ধন আৰু বৃক্ষৰোপণ শীৰ্ষক আলোচনা
author img

By

Published : May 29, 2021, 10:52 PM IST

বিশ্বনাথ, ২৮ মে': বিহালী উন্নয়ন খণ্ডৰ অতিথিশালাত বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ উদ্যোগত শনিবাৰে এক বিশেষ আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাত পুৱ-শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া জয়শ্ৰী নাইডিং, বৰগাং বনাঞ্চলিক ডাঃ বিষয়া ফিলফলা বসুমতাৰী, ইক' টাক্স ফৰ্চৰ বিষয়া, বিশ্বনাথ জিলা পৰিষদৰ বিষয়া, বিহালী উন্নয়ন খণ্ড এলেকাৰ পঞ্চায়ত সভাপতি,আঞ্চলিক সদস্য, সচিৱ, অভিযন্তা, প্ৰকৃতিপ্ৰেমী সংগঠন ''নেচাৰ্চ বন্যপ্ৰাণ''ৰ বিষয়ববীয়া প্ৰদীপ কুমাৰ শৰ্মা, গকুশ মহন্ত, গ্ৰীণ চ'চাইটিৰ বিষয়ববীয়া খগেন মটক, ভূৱন লুইটেল, শ্ৰীমন্ত দাসকে আদি কৰি বিহালীৰ সাংবাদিক উপস্থিত থাকে ৷

সভাত বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই সংৰক্ষিত বিহালী বনাঞ্চলত চলা বনজ সম্পদ ধ্বংস কাৰ্য প্ৰতিৰোধৰ কটকটীয়া ব্যৱস্থা গঢ় দিয়াৰ লগতে প্ৰকৃতি সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বিষয়টোক গুৰুত্ব সহকাৰে লয় ৷ যিকোনো মূল্যৰ বিনিময়ত উত্তৰ অসমৰ একমাত্ৰ চিৰসেউজ বিহালী বনাঞ্চল সংৰক্ষণৰ পোষকতা কৰে বিধায়ক গৰাকীয়ে ৷

সভাত বিধায়ক ৰঞ্জিৎ দত্তই সংৰক্ষিত বনাঞ্চল খনৰ ঐতিহ্য আৰু জৈৱ বৈচিত্ৰ ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে ৷ বিশেষ আলোচনা সভাত সংৰক্ষিত বিহালী বনাঞ্চল খনলৈ অহা-যোৱা কৰা যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে তাৎক্ষণিকভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বিহালী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া-পঞ্চায়ত সভাপতি, সচিৱ সকলক আহ্বান জনায় ৷

বিহালী সংৰক্ষিত বনাঞ্চল সংৰক্ষণ-সংৱৰ্দ্ধন আৰু বৃক্ষৰোপণ শীৰ্ষক আলোচনা

বিধায়ক ৰঞ্জিৎ দত্তই সংৰক্ষিত বিহালী বনাঞ্চল খনত অব্যাহত থকা চোৰাং কাঠ ব্যৱসায় ৰোধৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি বন বিভাগৰ উচ্চপদস্ত বিষয়াবৰ্গক বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি বনাঞ্চলখন ৰক্ষাত তাৎক্ষণিকভাৱে ফলপ্ৰসু পদক্ষেপ ল'বলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে ৷

ইফালে, সভাৰ আলোচনা মৰ্মে বিহালীবাসী ৰাইজৰ প্ৰতক্ষ্য সহযোগত আগন্তক ৫ জুন তাৰিখে বিশ্ব পাৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বেদেতী ৰাষ্ট্ৰীয় ঘাঁই পথৰ পৰা বৰালীমৰা হৈ ৰাংছালী কাছকটা পৰ্যন্ত যোৱা দ্বি-যুক্ত পথ আৰু বৰগাং ৰাষ্ট্ৰীয় ঘাঁই পথৰ পৰা ভীমদঙা হৈ গাংমৌথানলৈকে যোৱা দ্বি-যুক্ত পথৰ পথছোৱাৰ দুইকাষে ৰাধাচূড়া, কৃষ্ণচূড়া এজাৰ বৃক্ষ ৰোপন আৰু সংৰক্ষণৰ বাবে কৰ্মসূচী-আঁচনি,পৰিকল্পনা কৰিবলৈ পঞ্চায়ত সমুহক আহ্বান জনায় ৷

প্ৰতিনিধিত্বমূলক সভাত উপস্থিত ব্যক্তি সকলৰ সৈতে হোৱা মতবিনিময়ৰ মাজতে বিধায়ক ৰঞ্জিৎ দত্তই কয় যে, বিহালী-বিশ্বনাথ আৰু গহপুৰ অতিসাধাৰণ নৈপৰীয়া খাটিখোৱা মৎস্যজীৱি সকলৰ জীৱন-জীৱিকাৰ মুল উৎস মৎস্য ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা উদ্ভৱ হৈছে ৷ ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী, বনমন্ত্ৰীৰে কথা-বাৰ্তা কৰা হৈছে বুলি কয় ৷

তদুপৰি, অতিশীঘ্ৰে বিহালী-বিশ্বনাথ আৰু গহপুৰ সমষ্টিৰ মৎস্যজীৱি সকলৰ সমস্যা দূৰীকৰণৰ বাবে বিজ্ঞানসন্মত প্ৰণালীৱদ্ধ পৰিকল্পনা কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি জনায় ৷ লগতে বিধায়ক দত্তই জিলাখনৰ মৎস্যজীৱি সকলৰ সমস্যা সমাধানৰ বাবে জিলাখনৰ স্বেচ্ছাসেৱী সংগঠন-সচেতনলোকৰ গঠনমূলক পৰামৰ্শ আৰু মৎস্যজীৱি সকলৰ পূৰ্ণ সহযোগিতা প্ৰয়োজন হ'ব বুলি উল্লেখ কৰে ৷

উল্লেখ্যযোগ্য যে, সংৰক্ষিত বিহালী বনাঞ্চল সংৰক্ষণ আৰু অৰুণাচলী আগ্ৰাসন প্ৰতিৰোধৰ বাবে সভাত উপস্থিত সচেতনলোক সকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ ব্যক্তব্য অনুসৰি বিধায়ক ৰঞ্জিৎ দত্তই সংৰক্ষিত বিহালী বনাঞ্চলৰ ভূমিখণ্ড, জৈৱ বৈচিত্ৰ তথা পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই অহা ইণ্ডিয়ান আৰ্মীৰ ''ইক' টাক্স ফৰ্চ''ক বিশেষভাৱে পদক্ষেপ ল'বলৈ অনুৰোধ কৰি বন বিভাগক প্ৰয়োজনীয় কেতবোৰ বিশেষ ব্যৱস্থা আৰু কৰ্তৃত্ব প্ৰদানৰ পোষকতা কৰি পূৱ-শোণিতপুৰ জিলা বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া আৰু বৰগাং বনাঞ্চলিক বিষয়াক পূৰ্ণ সহযোগ কৰিবলৈ অনুৰোধ জনাই ৷

ৰাজ্যৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু সংৱৰ্দ্ধনৰ ক্ষেত্ৰত কাম কৰি অহা ইণ্ডিয়াণ আৰ্মীৰ মুঠ দহটা ''ইক' টাক্স ফৰ্চ''ৰ বিহালীৰ বিহমাৰীস্থিত গোটটোৰ বিষয়া মেজৰ ৰাজেশে বিহালী সংৰক্ষিত বনাঞ্চল খনত বৃক্ষ ৰোপণ আৰু সংৰক্ষণ কৰি জৈৱ বৈচিত্য ৰক্ষাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি ৰাজ্য চৰকাৰ আৰু বন বিভাগৰ সহযোগিতা বিচাৰি বিহালীৰ বিধায়ক তথা প্ৰাক্তণ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ কৰিবলৈ আহ্বান জনায় ৷

বিহালীৰ বিহমাৰী ''ইক' টাক্স ফৰ্চ''ৰ বিষয়া মেজৰ ৰাজেশৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই এই সন্দৰ্ভত মূখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীৰ লগত আলোচনাৰে শীঘ্ৰে সমস্যা সমূহ মষীমুৰ কৰাৰ আশ্বাস দিয়ে ৷

প্ৰণিধানযোগ্য যে, বিহালীৰ বিধায়ক ৰঞ্জিৎ দত্তৰ উদ্যোগত অনুষ্ঠিত সভাত উত্তৰ অসমৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠন ''নেচাৰ্চ বণ্যপ্ৰাণ''ৰ বিষয়ববীয়া তথা প্ৰৱীন সাংবাদিক প্ৰদীপ কুমাৰ শৰ্মা, সাংবাদিক তথা গ্ৰীন চ'চাইটিৰ খগেন মটককে আদি কৰি বহুকেইজন ব্যক্তিৱে আলোচনাত অংশ গ্ৰহণ কৰি সংৰক্ষিত বিহালী বনাঞ্চল খন ৰক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত বহলভাৱে বক্তব্য দাঙি ধৰে ৷

লগতে পঢ়ক : শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.