ETV Bharat / state

McLeod Russell Company: দিকৰাই চাহ বাগিচাৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

author img

By

Published : Apr 14, 2023, 10:49 AM IST

মেকলইড ৰাছেল কোম্পানীৰ প্ৰাপ্য বঞ্চিত কৰ্মচাৰীৰ প্ৰতিবাদ । দিকৰাই চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন (Dekorai tea estate workers protest) ।

McLeod Russell Company
McLeod Russell Company
দিকৰাই চাহ বাগিচাৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

চতিয়া, ১৪ এপ্ৰিল : মেকলইড ৰাছেল কোম্পানীয়ে তেওঁলোকৰ চাহ বাগিচাত কৰ্মৰত কৰ্মচাৰীসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি অহাৰ প্ৰতিবাদত কেন্দ্ৰীয় চাহ শ্ৰমিকৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে (protest against McLeod Russell Company) । অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘৰ নেতৃত্বত দিকৰাই চাহ বাগিচাৰ কৰ্মচাৰীসকলে এইদৰে কাৰ্যালয়ত বহি 'পেইন ডাউন' কৰি কৰ্মবিৰতি পালন কৰিছে (Dekorai tea estate workers protest) ।

উল্লেখ্য যে অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘই মঙলবাৰে চাহ বাগিচা পৰিচালকক ঘেৰাও কৰি কৰ্মচাৰীসকলৰ প্ৰাপ্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে (Assam Tea workers Association) । লগতে বাগিচা কৰ্তৃপক্ষক উক্ত দাবীসমূহ পূৰণ কৰিবৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে । কিন্তু ২৪ ঘণ্টা উকলি যোৱাৰ পিচতো কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰাত বৃহস্পতিবাৰে পুৱাৰে পৰা বাগিচা কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ৰূপায়ণ কৰে ।

অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘৰ অভিযোগ যে দিকৰাইস্থিত মেকলইড ৰাছেল কোম্পানীৰ বাগিচাসমূহে কৰ্মচাৰীসকলক দীৰ্ঘদিনে প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে । মেকলইড ৰাছেল কোম্পানীৰ বাগিচাসমূহে কৰ্মচাৰীসকলক এই পৰ্যন্ত ভ্রমণ, বোনাচ, জীৱন বীমা আদিৰ লগতে ২০২২ চনৰ পৰা অনাদায় হৈ থকা দৰমহা আজিকোপতি আদায় দিয়া নাই । অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘৰ সাধাৰণ সম্পাদক জ্যোতিৰ্ময় তচাই মেকলইড ৰাছেল কোম্পানীয়ে কৰ্মচাৰীসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনতি পলমে কৰ্মচাৰীসকলৰ প্ৰাপ্য মুকলি কৰি দিবলৈ দাবী জনাইছে ।

অন্যথা আগন্তুক দিনত প্ৰতিবাদ সাব্যস্তৰ বাবে কৰ্মচাৰীসকলে ৰাজপথত নামিব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে যিটো সময়ত ৰাজ্য চৰকাৰে প্ৰায় এঘাৰ হাজাৰ নাচনীক লৈ গুৱাহাটীত গীনিজ বুক অব ৰেকৰ্ডছৰ অৰ্থে কোটি কোটি ধন খৰচ কৰি বিহু নাচ অনুষ্ঠিত কৰিছে, সেই একে সময়ত বাপতি সাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত এইদৰে নিজৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰিবলৈ বাধ্য হৈছে চাহ বাগিচাৰ কৰ্মচাৰীসকলে । উল্লেখ্য, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই আন্দোলন অনিৰ্দিষ্ট কাললৈ অব্যাহত থাকিব বুলি জানিব দিয়ে ।

লগতে পঢ়ক : Tea production in Assam: ৰাজ্যত হ্ৰাস পাইছে চাহ উৎপাদন, জলবায়ু পৰিৱৰ্তনৰ কৱলত চাহ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.