ETV Bharat / state

ৰাইজক চি-ভিজিল এপ ব্যৱহাৰৰ আহ্বান বিশ্বনাথ জিলা প্ৰশাসনৰ - ৰাইজক চি ভিজিল এপ ব্যৱহাৰৰ আহ্বান বিশ্বনাথ জিলা প্ৰশাসনৰ

চি-ভিজিল এপৰ জৰিয়তে সাধাৰণ লোকেও নিৰ্বাচনী আচৰণ বিধি পৰিচালনাত অৰিহণা আগবঢ়াব পাৰিব । নিৰ্বাচনৰ আচৰণ বিধি উলংঘা কৰা অথবা নিৰ্বাচনী প্ৰচাৰৰ নামত ধাৰ্য কৰা ধনতকৈ অধিক ধন খৰচ কৰা আদি বিভিন্ন নিৰ্বাচন সম্পৰ্কীয় অনিয়ম দৃষ্টিগোচৰ হ’লে পোনপটীয়াভাৱে উক্ত এপৰ জৰিয়তে সংশ্লিষ্ট কোষৰ ওচৰত যিকোনো লোকে দাখিল কৰিব পাৰিব অভিযোগ ।

ৰাইজক চি-ভিজিল এপ ব্যৱহাৰৰ আহ্বান বিশ্বনাথ জিলা প্ৰশাসনৰ

author img

By

Published : Mar 10, 2021, 7:37 PM IST

বিশ্বনাথ,১০ মাৰ্চ: নিৰ্বাচনৰ গোটেই সময়ছোৱাতে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে সাধাৰণ ৰাইজেও চোকা দৃষ্টি ৰাখিব পাৰিব । চি-ভিজিল এপৰ জৰিয়তে সাধাৰণ লোকে নিৰ্বাচনী আচৰণ বিধি পৰিচালনাত অৰিহণা আগবঢ়াব পাৰিব । এই সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে ৰাইজক অৱগত কৰে বিশ্বনাথ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাই । কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে মুকলি কৰা উক্ত এপটো নিজৰ স্মাৰ্টফোনত ডাউনলোড কৰি তাৰ সহায়ত নিৰ্বাচন নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ সমষ্টিবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ।

ৰাইজক চি-ভিজিল এপ ব্যৱহাৰৰ আহ্বান বিশ্বনাথ জিলা প্ৰশাসনৰ
ৰাইজক চি-ভিজিল এপ ব্যৱহাৰৰ আহ্বান বিশ্বনাথ জিলা প্ৰশাসনৰ

উল্লেখ্য যে, এই সময়ছোৱাত নিৰ্বাচনৰ আচৰণ বিধি উলংঘা কৰা অথবা নিৰ্বাচনী প্ৰচাৰৰ নামত ধাৰ্য কৰা ধনতকৈ অধিক ধন খৰচ কৰা আদি বিভিন্ন নিৰ্বাচন সম্পৰ্কীয় অনিয়ম দৃষ্টিগোচৰ হ’লে পোনপটীয়াভাৱে উক্ত এপৰ জৰিয়তে সংশ্লিষ্ট কোষৰ ওচৰত যিকোনো লোকে দাখিল কৰিব পাৰিব অভিযোগ । ইফালে জিআইএছ প্ৰযুক্তিবিদ্যা আৰু অগতানুগতিক নিজস্ব অৱস্থিতি নিৰূপণ গুণৰ ওপৰত ভিত্তি কৰি নিয়াৰিকৈ আৰু শুদ্ধভাৱে তথ্য প্ৰদান কৰিব পৰা এই এপৰ দ্বাৰাই তাৎক্ষণিকভাৱে ফ্লাইং স্কোৱাডে লাভ কৰিব নিৰ্বাচনী আচৰণ বিধি উলংঘন হোৱা স্থানৰ সঠিক ঠিকনা । লগতে ব্যৱহাৰকাৰীও ১০০ মিনিটৰ ভিতৰত লাভ কৰিব স্থিতি প্ৰতিবেদন দাখিলৰ প্ৰতিশ্ৰুতি ।

এপটো ব্যৱহাৰকাৰীয়ে নিজৰ পৰিচয় উহ্য কৰি ৰাখিব পাৰে । দেশৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি নিৰ্বাচনৰ সময়ত মুকলি কৰা এই এপটো গুগল প্লে ষ্টৰ অথবা এপ ষ্টৰৰ পৰা ডাউনলোড কৰি সকলোৱে ব্যৱহাৰ কৰিব পাৰিব ।

আনহাতে আগন্তুক বিধানসভা নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে গঠন কৰা ১৩ টা ষ্টেটিক চাৰ্ভিলেঞ্চ টীম আৰু ৭ টা ফ্লায়িং স্কোৱাডৰ কৰ্মীসকলে সক্ৰিয়তাৰে অবৈধ সুৰা আৰু নগদ ধন সৰবৰাহকাৰীৰ প্ৰতি চোকা দৃষ্টি ৰাখি আহিছে । লগতে জিলাখনৰ হোলংগী আৰু ইটাখোলাত আবকাৰী বিভাগে ইতিমধ্যে তালাচী চকী স্থাপন কৰি দিনে-নিশাই তালাচী অভিযান অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।

লগতে পঢ়ক: আৰক্ষীৰ সৈতে হতাহতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.