বিশ্বনাথ,25 ফেব্ৰুৱাৰী: অতি শীঘ্ৰে বিশ্বনাথবাসীয়ে জিলাখনৰ বাট-পথসমূহ উন্নীত হোৱা প্ৰত্যক্ষ কৰিব । মঙলবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন সভাত সভাপতিত্ব কৰি, বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰে । সভাত উপায়ুক্ত গৰাকীয়ে লোক নিৰ্মাণ বিভাগ আৰু NHIDCL ৰ অধীনত চলি থকা প্ৰকল্পবোৰৰ কাম তৰান্বিত কৰাৰ আদেশ দিয়ে ৷ লগতে সংশ্লিষ্ট বিভাগক বিশ্বনাথ চাৰিআলিৰ বাইপাছ প্ৰকল্প এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবৰ বাবে নিৰ্দেশ দিয়ে ।
একেদৰে উপায়ুক্ত গৰাকীয়ে NHIDCL ক চাৰিলেনৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিবলৈ কয় । পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে, সংশ্লিষ্ট বিভাগ সমূহলৈ বিভিন্ন পথ সুৰক্ষা জনিত পদক্ষেপ হাতত ল’বলৈ নিৰ্দেশ দিয়ে । বাহনসমূহে যাতে গতিৰ সীমা অতিক্ৰম নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষক মোজ্জাফৰ হুছেইন ডাঙৰীয়াই পৰিবহণ বিভাগক 'স্পীড গান' ব্যৱহাৰ কৰিবলৈ উপদেশ আগবঢ়ায় ৷ বিশ্বনাথ চাৰিআলিৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই বিশ্বনাথ চাৰিআলিত ষ্ট্ৰীট লাইট লগোৱাৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে সদৰী কৰে বৈঠকত ।
লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ