বিশ্বনাথ, ১৭ এপ্ৰিল: দক্ষিণ চতিয়াৰ ভোজমাৰী গাঁওত উপস্থিত হৈ কেইদিনমান পূৰ্বে সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ ভুক্তভোগী চৌকত আলীক সাক্ষাৎ কৰিলে বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে । লোকজনৰ ঘৰত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্যও কামনা কৰে । তাৰোপৰি, বিশ্বনাথ চাৰিআলি মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ফোনযোগে যোগাযোগ কৰি চৌকত আলীৰ চিকিৎসা ব্যৱস্থাৰ উপযুক্ত তদাৰক কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে । ইতিমধ্যে আটাইকেইজন দুৰ্বৃত্তক আটক কৰাৰ কথাও তেওঁক অৱগত কৰাৰ লগতে সম্পূৰ্ণ ন্যায় প্ৰদানৰ নিশ্চিতিও প্ৰদান কৰে ।
উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে চৌকত আলীক একোখনকৈ ফুলাম গামোচা পিন্ধাই ৰঙালী বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰে । এই সাক্ষাৎকালত বিশ্বনাথৰ তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাও উপস্থিত আছিল ।