ETV Bharat / state

কৰ’ণা নহয়; পেটৰ ভোকত হাহাকাৰ শ্ৰমিকৰ - দিন হাজিৰা

ক’ভিড-১৯ ৰ ফলত বিমোৰত বিশ্বনাথ জিলাৰ দৰিদ্ৰ জনতা । এসাঁজ অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে দৈনিক হাজিৰা কৰা শ্ৰমিকে ৷

বিশ্বনাথত দৈনিক হাজিৰা কৰা শ্ৰমিকৰ হাহাকাৰ অৱস্থা

author img

By

Published : Apr 25, 2021, 9:16 PM IST

বিশ্বনাথ, 25 এপ্ৰিল : সমগ্ৰ দেশতে এতিয়া ভয়ানক ৰূপ লৈছে ক’ভিড-১৯ এ ৷ ইফালে তাৰ সমান্তৰালকৈ অসমতো দৈনিক বৃদ্ধি পাইছে কভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । এই জটিল সময় চোৱাত বিমোৰত পৰিছে বিশ্বনাথ জিলাৰ একাংশ দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা সাধাৰণ জনতা ৷

বিশেষকৈ বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী, বিশ্বনাথ চাৰিআলিত ক'ভিড-19 ৰ বাবে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোক সকলৰ এতিয়া অৱস্থা শোচনীয় হৈ পৰিছে । পুৱাই কামলৈ বুলি ওলাই যোৱা গহপুৰ শিঙৰাজানৰ শ্ৰমিক সকলক ক'ভিডৰ ভয়াৱহতাৰ বাবে কোনো ব্যক্তিয়ে কামত নিয়োগ কৰিব বিচৰা নাই ৷

বিশ্বনাথত দৈনিক হাজিৰা কৰা শ্ৰমিকৰ হাহাকাৰ অৱস্থা

যাৰ ফলত এতিয়া দিন হাজিৰা বিচাৰি নাপাই এসাঁজ অন্নৰ বাবে চিন্তিত হ'বলগীয়া হৈছে এইসকল সাধাৰণ শ্ৰমিকে ৷ দৈনিক হাজিৰা কৰা লোক সকলক জিলা প্ৰশাসনে কিদৰে সহায় কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.