ETV Bharat / state

গহপুৰত পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে নগদ ধন আৰু অলংকাৰ - গহপুৰত ডকাইতি

বিশ্বনাথ জিলাৰ গহপুৰৰ মহকুমাৰ 1 নং ককিলাত মঙলবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হয় ৷ মুখত কাপোৰ বান্ধি অহা প্ৰায় 8-10 জনীয়া ডকাইতৰ দলে মঙলবাৰে নিশা এই ঘটনা সংঘটিত কৰে ৷

dacoity in gahpur
গহপুৰত পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে নগদ ধন আৰু অলংকাৰ
author img

By

Published : Dec 17, 2020, 8:58 AM IST

বিশ্বনাথ, 17 ডিচেম্বৰ: বিশ্বনাথ জিলাৰ গহপুৰৰ মহকুমাৰ ১ নং ককিলাত মঙলবাৰে পুৱতি নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ মুখত কাপোৰ বান্ধি অহা প্ৰায় 8-10 জনীয়া ডকাইতৰ এটা দলে লোৰ গেটৰ তলা ভাঙি নিশা প্ৰায় 1 মান বজাত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ককিলাৰ হিমেশ্বৰ ভড়ালী নামৰ লোকজনৰ বাসগৃহত প্ৰৱেশ কৰে ৷

প্ৰথম অৱস্থাত ঘৰৰ গৰাকী হিমেশ্বৰ ভড়ালীক দাৰে আঘাত কৰি পত্নী আৰু তেওঁক পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে লুটপাট আৰম্ভ কৰে ৷ জানিব পৰা মতে ডকাইতৰ দলটোৱে হিমেশ্বৰ ভড়ালীৰ বাসগৃহৰ গডৰেজত থকা প্ৰায় তিনিলাখ টকাৰ আ-অলংকাৰ সহ 2 লাখ 50 হাজাৰ নগদ ধন লুট কৰি নিয়ে ৷

dacoity in gahpur
বেংকৰ পৰা ধন আনি ঘৰত থোৱাৰ সম্ভেদ লাভ কৰিয়েই ডকাইতি কাণ্ড সংঘটিত হোৱাৰ সন্দেহ

অভিযোগ অনুসৰি ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক হিমেশ্বৰ ভড়ালী আৰু উক্ত বিদ্যালয়তে শিক্ষকতা কৰা মীৰা বৰা ভড়ালীয়ে বেংকৰ পৰা ধন আনি ঘৰত থোৱাৰ সম্ভেদ লাভ কৰিয়েই দুৰ্বৃত্তই উক্ত ডকাইতি কাণ্ড সংঘটিত কৰে ৷ ডকাইতি কাণ্ডৰ সন্দৰ্ভত নিশাই হিমেশ্বৰ ভড়ালীয়ে আৰক্ষীক অৱগত কৰাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে যদিও ডকাইতি কাণ্ডৰ সৈতে জড়িত কোনো দুৰ্বৃত্তৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে পঢ়ক: শোণিতপুৰ আৰু বিশ্বনাথ জিলাত টিটেনাচ প্লাছ টীকাকৰণ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.