বিশ্বনাথ, ৪ জুলাই: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ জাল । এই জালৰ পৰা বাদ পৰা নাই সাধাৰণ ৰাইজৰ পৰা উচ্চ পদস্থ বিষয়ালৈকে । প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে এনে বহু অপৰাধ ।
এইবাৰ প্ৰৱঞ্চকে লক্ষ্য কৰি লৈছে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেক (ACS Munindra Nath Ngatey)। এটা অচিনাক্ত নম্বৰত সামাজিক মাধ্যমৰ পৰা ফটো সংগ্ৰহ কৰি প্ৰফাইল ফটো ব্যৱহাৰ কৰি একেটা কাৰ্যালয়ৰে বিষয়ালৈ আৰ্থিক সাহায্য বিচাৰি WhatsAppত মেছজৰ জৰিয়তে অনুৰোধ জনায় (Biswanath DC fake whatsapp account)। পৰৱৰ্তী সময়ত জিলা উপায়ুক্তগৰাকীক বিষয়াকেইগৰাকীয়ে ফোনযোগে অৱগত কৰোৱাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে ।
ইতিমধ্যে জিলা উপায়ুক্তগৰাকীয়ে আৰক্ষীৰ ওচৰত এজেহাৰ দাখিল কৰিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত সোমবাৰে বিয়লি সংবাদ মাধ্যমক আগত বিশ্বনাথৰ ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া তথা জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়াই 70128 26067 নম্বৰৰ পৰা কোনোধৰণৰ মেছেজ আহিলে ধন নিদিবৰ বাবে সকলোকে আহ্বান জনায় ৷
লগতে পঢ়ক: ধন দাবী কৰা আৰক্ষী কনিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ