বিশ্বনাথ, ২৮ আগষ্ট: আমি সততে অপ্ৰয়োজনীয় বুলি ভাৱি পেলাই দিয়া বস্তুবোৰে বিশ্বনাথৰ জয়শ্ৰী ভূঞাৰ হাতৰ পৰশত নতুন ৰূপ পাইছে । গৃহসজ্জাৰ আটকধুনীয়া সামগ্ৰী, মহিলাসকলৰ বাবে কাণফুলি, শিৱ লিংগ আদি পেলনীয়া সামগ্ৰীৰেই প্ৰস্তুত কৰিছে জয়শ্ৰীয়ে । তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্রী । ক'ভিড-১৯ৰ সংক্ৰমণৰ বাবে বৰ্তমান বিশ্ববিদ্যালয় বন্ধ হৈ আছে ।
আন ছাত্ৰ-ছাত্ৰীসকলৰ দৰেই অনলাইনযোগেই পাঠ গ্ৰহণ কৰিছে ছাত্ৰীগৰাকীয়ে । কিন্তু পঢ়াৰ মাজতে আজৰি সময়ত নিজকে সৃষ্টিশীল কামত নিয়োজিত কৰি ৰাখিছে জয়শ্ৰীয়ে । ৰাস্তাত পৰি থকা শিলবোৰতো তেওঁ বিভিন্ন ছবি অংকন কৰিছে । নাৰিকলৰ কোৰোকাৰে শিৱ লিংগও প্ৰস্তুত কৰি উলিয়াইছে ।
চৰাই, ফুলদানি, সজাই ৰাখিব পৰা চাইকেল আৰু যে কত কি প্ৰস্তুত কৰিছে ! জয়শ্ৰীয়ে প্ৰস্তুত কৰা সামগ্ৰীবোৰে বৰ্তমান যথেষ্ট সমাদৰ লাভ কৰিছে ।
সামাজিক মাধ্যমতো চৰ্চিত হৈ পৰিছে যুৱতীগৰাকী । অনলাইনযোগে বহু লোকে জয়শ্ৰীয়ে প্ৰস্তুত কৰা সামগ্ৰীবোৰ ক্ৰয় কৰে । বিগত বৰ্ষৰ পৰা মহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰীসকল ঘৰতে আৱদ্ধ হৈ আছে । কিয়নো, বিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া বন্ধ হৈ আছে ।
একাংশ ছাত্ৰ-ছাত্ৰীয়ে এই সময়ত কিছু হতাশ হোৱা দেখা গৈছে যদিও বহুতেই এই সময়খিনিক প্ৰতিভা বিকাশৰ উৎকৃষ্ট সময় হিচাপে লৈছে । সেয়ে, বহু সৃষ্টিশীল কামত নিজকে ব্যস্ত কৰি ৰাখিছে । বিশ্বনাথ ঘাটৰ ন-বজাৰৰ জয়শ্ৰীয়ে এই সময়খিনিৰ উপযুক্ত ব্যৱহাৰ কৰি নিজৰ উপাৰ্জনৰো বাটো মুকলি কৰিছে ।
লগতে পঢ়ক:প্ৰতিবাদী আছু কৰ্মীৰ শ্লোগানেৰে উত্তাল বৰমাৰ ৰাজপথ