ETV Bharat / state

বিহালীৰ চৰকাৰী স্কুলসমূহ শোচনীয় হৈ পৰিছে : বিবেক দাস - cpiml press meet

নিৰ্বাচনৰ প্ৰাকক্ষণত শিক্ষা বিভাগৰ বিৰুদ্ধে সংবাদমেল চিপিআই(এম-এল) দলৰ । শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মিছা প্ৰতিশ্ৰুতি আৰু ৰঞ্জিত দত্তৰ অকৰ্মণ্যতাৰ ফলত বিহালী সমষ্টিৰ স্কুলসমূহৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰাৰ গুৰুতৰ অভিযোগ চিপিআই( এম-এল) ৰ কেন্দ্ৰীয় কমিটীৰ সদস্য বিবেক দাসৰ ।

বিহালীৰ চৰকাৰী স্কুলসমূহ শোচনীয় হৈ পৰিছে : বিবেক দাস

author img

By

Published : Feb 12, 2021, 8:52 PM IST

বিশ্বনাথ, ১২ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ প্ৰাকক্ষণত শিক্ষা বিভাগৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সংবাদমেল চিপিআই(এম-এল) দলৰ । বিশ্বনাথৰ বিহালী সমষ্টিৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে চিপিআই( এম-এল) ৰ কেন্দ্ৰীয় কমিটীৰ সদস্য বিবেক দাসে । তেওঁৰ অভিযোগ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মিছা প্ৰতিশ্ৰুতি আৰু ৰঞ্জিত দত্তৰ অকৰ্মণ্যতাৰ ফলত বিহালী সমষ্টিৰ স্কুলসমূহৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰিছে । যিসময়ত কেৱল নিৰ্বাচনী টোপ হিচাপে বিজেপি চৰকাৰে চাহ বাগানসমূহত মডেল স্কুলৰ নামত মাত্ৰ কেইটামান বিল্ডিং দিয়াৰ কথা ঘোষণা কৰিছে ঠিক সেইসময়তে ইতিমধ্যে থকা স্কুলসমূহৰে অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে বুলিও তেওঁ মন্তব্য় কৰে । তেওঁৰ অভিযোগ বহু বিদ্যালয়ত বিদ্যুৎ সংযোগ অবিহনে ছাত্ৰ-ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে । "বিহালী সমষ্টিৰ স্কুলৰ ছাৰ্ভে প্ৰতিবেদন" ৰাজহুৱা কৰি বিভিন্ন ধৰণে সমালোচনা কৰে শিক্ষামন্ত্ৰী লগতে স্থানীয় বিধায়ক ৰঞ্জিত দত্তক ।

উল্লেখ্য় যে, যোৱা বৰ্ষত চিপিআই(এম-এল) ৰ ছাত্ৰ সংগঠন নিখিল ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত বিহালী সমষ্টিৰ ১০৬ খন প্ৰাথমিক স্কুল আৰু ৯ খন হাইস্কুলত শিক্ষাৰ সামগ্ৰিক অৱস্থাকলৈ এক ছাৰ্ভে অনুষ্ঠিত হৈছিল । ছাৰ্ভেৰ পৰা লাভ কৰা তথ্য অনুসৰি, বিহালী সমষ্টিৰ ৬০ শতাংশ প্ৰাথমিক স্কুলত শিক্ষাৰ অধিকাৰ আইনৰ নিয়ম অনুসৰি ১:৩০ অনুপাতত শিক্ষক নাই । ১:৩০ অনুপাতত শিক্ষক নথকা হাইস্কুলৰ সংখ্যা হ'ল ৬৬ শতাংশ । এজনীয়া শিক্ষকেৰে চলি থকা প্ৰাথমিক স্কুল আছে ১৪ শতাংশ । ৪৫ শতাংশ স্কুল চলি আছে মাত্ৰ দুজন শিক্ষকেৰে । প্ৰতিবেদন অনুসৰি বিহালীৰ ৭৫ শতাংশ প্ৰাথমিক স্কুলত কোনো বিদ্যুৎ সংযোগ নাই। ৮৪ শতাংশ প্ৰাথমিক স্কুলত বৈদ্যুতিক ফেনৰ কোনো সংযোগ নাই ।

প্ৰতিবেদনত লাভ কৰা তথ্য অনুসৰি ২১ শতাংশ প্ৰাথমিক স্কুলত এতিয়াও কোনো খোৱাপানীৰ ব্যৱস্থা নাই। ৩০ শতাংশ প্ৰাথমিক বিদ্যালয়ত এতিয়াও খেলিবলৈ খেলপথাৰ নাই । খোৱাপানীৰ উৎস নথকা হাইস্কুলৰ সংখ্যা হ'ল ২২ শতাংশ। ইয়াৰ উপৰিও ৪৫ শতাংশ হাইস্কুলত এতিয়াও কোনো লাইব্ৰেৰী আৰু লেব'ৰেটৰী নাই । বহুতো স্কুলত ২০০ তকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে, কিন্তু শিক্ষকৰ সংখ্যা ২ ৰ পৰা ৫ গৰাকী । উদাহৰণ স্বৰূপে হাতীমৰা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২১৮ জন, কিন্তু ইয়াৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ ৫ গৰাকী । কেটেলা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২৮৭ জন কিন্তু ইয়াৰ বিপৰীতে শিক্ষকৰ সংখ্যা হৈছে মাত্ৰ ৩ গৰাকী। ইয়াৰ উপৰি বৰগাং হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১০৫৬ জন কিন্তু ইয়াৰ বিপৰীতে শিক্ষকৰ সংখ্যা হ'ল মাত্ৰ ১৪ গৰাকী ।

উন্নয়ণৰ ঢাক-ঢোল বজাই থকা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিত স্কুলসমূহৰ এনেকুৱা অৱস্থা যথেষ্ট লজ্জাজনক বুলি মন্তব্য় কৰে নেতাগৰাকীয়ে । উল্লেখ যে সংবাদমেলত বিবেক দাসৰ লগতে "আইছা" ৰ সভাপতি সুব্ৰত তালুকদাৰ, উপসভাপতি জ্যোতিপ্ৰকাশ বৰা আৰু বিপ্লৱী যুৱ সন্থাৰ ৰাজ্যিক আহ্বায়ক পৰিমল গোড় উপস্থিত থাকে ।

লগতে পঢ়ক:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.