ETV Bharat / state

বিশ্বনাথৰ 16 টা স্থানত চিপিআইৰ দ্বাৰা বিশ্ব শ্ৰমিক দিৱস উদযাপন - বিশ্ব শ্ৰমিক দিৱস

বিশ্বনাথৰ বিভিন্ন স্থানত চিপিআই এম-এলৰ দ্বাৰা বিশ্ব শ্ৰমিক দিৱস পালন ৷ চাহ বাগিছাকে ধৰি মুঠ 16টা স্থানত এই দিৱস উদযাপন কৰি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷

বিশ্বনাথৰ 16 টা স্থানত চিপিআইৰ দ্বাৰা বিশ্ব শ্ৰমিক দিৱস উদযাপন
author img

By

Published : May 1, 2019, 10:10 PM IST

বিশ্বনাথ,1মেঃ বুধবাৰে বিশ্ব শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি বিহালীৰ বিভিন্ন স্থানত ৰক্ত পতাকা উত্তোলন কৰি চিপিআই এম-এলে সহযোগী সংগঠন সমূহৰ সহযোগত শ্ৰমিক দিৱস পালন কৰে ৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই সংঘৰ কুঁহিয়াৰবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ লগতে কেইবাখনো চাহ বাগিছাকে ধৰি মুঠ 16 টা স্থানত বাগিছা আৰু বস্তি অঞ্চলৰ শ্ৰমিকসকলক সমবেত কৰি মে' দিৱসৰ পতাকা উত্তোলন কৰি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি শ্ৰমিক সকলক সংগঠিত হোৱাৰ আহ্বান জনায় ৷

বিশ্বনাথ,1মেঃ বুধবাৰে বিশ্ব শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি বিহালীৰ বিভিন্ন স্থানত ৰক্ত পতাকা উত্তোলন কৰি চিপিআই এম-এলে সহযোগী সংগঠন সমূহৰ সহযোগত শ্ৰমিক দিৱস পালন কৰে ৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই সংঘৰ কুঁহিয়াৰবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ লগতে কেইবাখনো চাহ বাগিছাকে ধৰি মুঠ 16 টা স্থানত বাগিছা আৰু বস্তি অঞ্চলৰ শ্ৰমিকসকলক সমবেত কৰি মে' দিৱসৰ পতাকা উত্তোলন কৰি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি শ্ৰমিক সকলক সংগঠিত হোৱাৰ আহ্বান জনায় ৷

slug_as_bsw_cpiml_1m_1photo_as10018

বিহালীৰ বিভিন্ন স্থানত চিপিআই (এম-এল)ৰ মে' দিৱস উদযাপন
-----------------------------------

 আজি বিশ্ব শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি বিহালীৰ বিভিন্ন স্থানত ৰক্ত পতাকা উত্তোলন কৰি চিপিআই (এম-এল) য়ে সহযোগী সংগঠন সমুহৰ সহযোগত শ্ৰমিক দিৱস পালন কৰে | অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ লক্ষীকান্ত কুৰ্মী, নৰোত্তম চুণ্ডী, কৃষ্ণ পাইক, সদৌ ভাৰত ছাত্র সন্থাৰ জ্যোতি প্ৰকাশ বৰা, ধনঞ্জয় দাস, বিপ্লৱী যুৱ সন্থাৰ পৰিমল গোড়, চিপিআই (এম-এল) ৰ অনন্ত হাজৰিকা, লীলা শৰ্মা, জ্যোতিষ দাস আৰু মহেন্দ্ৰ লোহাৰ আদি সংগঠনৰ নেতা সকলে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কুঁহিয়াৰবাৰী স্থিত মুখ্য কাৰ্যালয় মিজিকাজান  চাহ বাগিছা, কলাপানী চাহ বাগিছা, জিনজিয়া চাহ বাগিছা, বতিয়ামাৰীৰ গোড় বস্তি, বৰালীমৰা চাহ বাগিছা, বিহালী চাহ বাগিছা, বেদেতী চাহ বাগিছা, বৰগাং চাহ বাগিছাৰ দুটা স্থান, বৰভীল চাহ বাগিছা, ৰঙাগড়া চাহ বাগিছা, ৰতোৱা মাহিলী বস্তি, ধেমাজীবাৰী, ৰামপুৰ, বৰগাঁও চাহ বাগিছাকে ধৰি ১৬ টা স্থানত বাগিছা আৰু বস্তি অঞ্চলৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিক সকলক সমাবেশিত কৰি মে' দিৱসৰ পতাকা উত্তোলন কৰি দিৱসৰ তাতপৰ্য বাখ্যা কৰি শ্ৰমিক সকলক সংগঠিত হোৱাৰ আহ্বান জনায় | উল্লেখ্য যে, চিপিআই (এম-এল) ৰ ৰাজ্যিক সদস্য তথা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সভাপতি বিবেক দাসে বৰগাও চাহ বাগিছাৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহন কৰি বৰ্তমান বিজেপি চৰকাৰৰ শ্ৰমিক সকলৰ ওপৰত চলোৱা ফেচিবাদী আক্ৰমনৰ কথা উল্লেখ কৰি এই আক্ৰমন প্ৰতিৰোধৰ বাবে শ্ৰমিক সকলক ঐক্যবদ্ধ হ'বৰ বাবে আহ্বান জনায় তাতপৰ্যপূৰ্ন বক্তব্য প্ৰদান কৰে | আনহাতে, ধেমাজীবাৰীত পালন কৰা শ্ৰমিক দিৱসত আশা কৰ্মী আৰু অংগনবাদী কৰ্মীয়েও অংশগ্ৰহন কৰে |


বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.