ETV Bharat / state

বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত COVID-১৯ৰ টীকাকৰণ

author img

By

Published : Jan 16, 2021, 5:37 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো শনিবাৰৰ পৰা আৰম্ভ হৈছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । টীকাকৰণৰ প্ৰথম দিনটোত বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত ১০০ গৰাকী কৰ'ণা যোদ্ধাক প্ৰদান কৰা হ'ব COVID-১৯ৰ প্ৰতিষেধক ।

বিশ্বনাথত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

বিশ্বনাথ,১৬ জানুৱাৰী: শনিবাৰৰ পৰা ৰাজ্যৰ ৩৩ খন জিলাত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত কৰ'ণা যোদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰা হয় । জিলাখনত প্ৰথম পৰ্যায়ত ১৩৬ গৰাকী ক'ভিড যোদ্ধাক এই প্ৰতিষেধক প্ৰদান কৰিব যদিও প্ৰথম দিনটোত ১০০ গৰাকীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব। পুৱাই এই টীকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰে বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে ।

প্ৰথমটো প্ৰতিষেধক গ্ৰহণ কৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল আজাদ কালামে । এই প্ৰতিষেধক প্ৰদান কৰে চিকিৎসালয়খনৰ নাৰ্চ তুম্পা দেৱ নাথে । প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে মহকুমা চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী আৰু স্বাস্থ্য বিষয়াসকল ।

বিশ্বনাথ মহকুমা চিকিৎসালয়ত এই প্ৰক্ৰিয়া সম্পন্ন কৰাত তত্বাৱধায়কৰ দায়িত্বত থাকে ড০ দুলু মণি শইকীয়া । প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে মহামাৰীৰ ভয়াৱহতা যথেষ্ট কম হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:ধেমাজিত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.