বিহালী, 3 মাৰ্চঃ বিহালীত একেডাল জৰীতে স্বামী-স্ত্ৰীয়ে চীপ লৈ আত্মহত্যা কৰা ঘটনাক লৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ বিশ্বনাথৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহালী বিহমাৰী জাৰণি গাঁৱত ৷ মঙলবাৰে পুৱা প্ৰায় 8 বজাত এজোপা গছত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ ৷ দুয়োকে চীপ লৈ থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ স্থানীয় আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ নৱ বিবাহিত দম্পত্তী বিজয় বীৰছা আৰু সুনীতা বীৰছাৰ ৰহস্যজনক আত্মহত্যাই শোকৰ ছা পেলাইছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়কঃ বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২,আহত ১২ জন