ETV Bharat / state

বিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Dec 7, 2020, 8:21 AM IST

দেওবাৰে বিশ্বনাথত 24 জন মাছমৰীয়াক আটক কঁহৰা বন বিভাগৰ ৷ শীঘ্ৰেই মাছমৰীয়া কেইজনক মুকলি কৰি নিদিলে মাছমৰীয়া পৰিয়ালৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ বিশ্বনাথ জিলা প্ৰদেশ কংগ্ৰেছৰ ৷

congress protest to release fisherman by forest department
বিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ

বিশ্বনাথ,7 ডিচেম্বৰ : বিশ্বনাথত দেওবাৰে 24 জন মাছমৰীয়াক আটক কৰিছে বন বিভাগে ৷ উক্ত ঘটনাক লৈ সৰৱ হৈছে বিশ্বনাথ জিলা প্ৰদেশ কংগ্ৰেছ ৷

মাছমৰীয়া কেইজনক শীঘ্ৰেই মুক্তি দিয়াৰ দাবীৰে সংবাদমেল সম্বোধন কৰি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই কয় যে, ‘‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে যি ষষ্ঠ সংযোজন কৰিছিল সেয়া আদৰণীয় ৷ কিন্তু তাৰ বিপৰীতে ভূমিপুত জনগোষ্ঠীৰসকলক অত্যাচাৰ আৰু শোষণ চলোৱা কাৰ্য অতি ঘৃণনীয় ৷

জিলাখনৰ উত্তৰ পাৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষতেই লাগি থকা উপনৈসমূহৰ লগতে মৎস্য়ৰে জীৱন নিৰ্বাহ কৰা পৰিয়ালসমূহৰ ভূমি ষষ্ঠ সংযোজনত অন্তৰ্ভূক্ত কৰাত সৰৱ হৈ পৰিছে মুখপাত্ৰ তুষাৰ বৰা । ব্ৰহ্মপুত্ৰ নদীখন অন্তৰ্ভুক্ত হোৱাৰ বাবে বিশ্বনাথ জিলাত থকা প্রায় 20 হাজাৰ মাছমৰীয়া পৰিয়াললৈ জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰে । এই সংক্ৰান্তত বিশ্বনাথ ঘাটৰ মাছমৰীয়া ৰাইজে 2016 চনতে সেই সময়ৰ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক স্মাৰক পত্ৰ প্ৰদান কৰাৰ উপৰিও বিশ্বনাথ জিলাৰ গহপুৰ মোনাবাৰী, ৰাংছালি, বিহালী, বাহবাৰী , কাঠনিবাৰী আদি অঞ্চলৰ মাছমৰীয়া ৰাইজে বিষয়টোৰ ওপৰত এক হস্তক্ষেপ দাবী কৰি তেওঁলোকক এক সু-ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছিল ৷

চৰকাৰে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল যদিও মাছমৰীয়া ৰাইজে প্ৰায় নিয়মিতভাৱে মাছ ধৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ সেয়েহে বিশ্বনাথ ঘাটৰ পৰা 24 জন মাছমৰীয়াক কঁহৰা বন বিভাগে আটক কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ৷

যদি শীঘ্ৰেই মাছমৰীয়া কেইজনক বন বিভাগে মুকলি কৰি নিদিয়ে তেন্তে মাছমৰীয়া পৰিয়ালৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি জিলা প্ৰদেশ কংগ্ৰেছে সংবাদমেলযোগে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : বৰলাংফেৰত বিধৱা মহিলাক ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.